
দেওবাৰে পুৱা ১১ বজাত ডিফুস্থিত ডিফু কলা কেন্দ্ৰৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাই ৷ তেওঁক সহযোগ কৰে সাধাৰণ সম্পাদক দিলীপ দাসে ৷

শ্বহীদ তৰ্পন কৰে কলা কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়ববীয়া হৃদয়া নন্দ শৰ্মাই ৷ আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিগত বৰ্ষত ডিফু কলা কেন্দ্ৰৰ পৰা কলকাতাৰ বংগীয় সংগীত পৰিষদৰ পৰীক্ষাত ৪৮৩ গৰাকী পৰীক্ষাৰ্থীক আজি ডিফু কলা কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
উক্ত পৰীক্ষাত পৰীক্ষাৰ্থী সকলে এশ শতাংশ ফলাফল আজুৰি আনিবলৈ সক্ষম হয় ৷ ইয়াৰে ৩১৪ গৰাকীয়ে ডিষ্টীংছন, ৩১৪ গৰাকীয়ে প্ৰথম বিভাগত, ১৪৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷













