
বিগত ৪০ বছৰ ধৰি কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীভূক্ত অনুচ্ছেদ ২৪৪ (ক)ৰ অধীনত এখন স্বায়ত্তৰাজ্যৰ দাবীত অবিৰাম ভাবে আন্দোলন চলাই অহা দল সংগঠনে আজি পুণৰ স্বায়ত্তৰাজ্য ইচ্যুলৈ সৰৱ হোৱা পৰিলক্ষিত হয় ৷

শুকুৰবাৰে দিনৰ ২ বজাত ডিফুত কাধাছডিকম, কেএছএ, ডিএছইউ, কাৰ্বি ৰিচ’ আদৰবাৰ, কেআৰএ, কাৰছা, লালুং দৰবাৰ আৰু কুইয়াই এক যৌথ সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেল সম্বোধন কৰি সংগঠন কেইটাৰ নেতা সকলে কয়, ভাৰতীয় সংবিধানৰ ২৪৪(ক)ৰ অধীনত জিলা তিনিখনৰ দল-সংগঠনে অবিৰাম আন্দোলন চলাই আহিছে যদিও পাৰ্বত্য জিলা তিনিখনৰ ৰাইজৰ আবেগ জড়িত দাবী চৰকাৰে পূৰণ নকৰিলে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কিন্তু দল-সংগঠনৰ দাবীক সন্মান নজনালে আৰু স্বায়ত্তৰাজ্য প্ৰদান নকৰিলে ৷
আনহাতে স্বায়ত্তৰাজ্যৰ নামত কেৱল অধিক ক্ষমতা প্ৰদান কৰিলে বুলি দাবী কৰে চৰকাৰে ৷ চৰকাৰৰ অধিক ক্ষমতাৰ ললীপপে দল সংগঠনক আমোৱাইছে ৷ এই দল-সংগঠন সমূহৰ একমাত্ৰ স্বায়ত্তৰাজ্য প্ৰদান নকৰালৈকে অধিক ক্ষমতা আৰু গ্ৰহন নকৰে বুলি মন্তব্য কৰে ৷
আজি সংগঠন সমূহে অহা ৭ ছেপ্টেম্বৰৰ পৰা আৰু কোনো ধৰণৰ অধিক ক্ষমতা গ্ৰহণ নকৰে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে ৷ জিলা তিনিখনৰ ৰাইজকো দল-সমগঠনৰ এনে ন্যায্য দাবীক সহযোগিতা আগবঢ়াবলৈ সংবাদমেল যোগে আহ্বান জনায় ৷













