
২০২১ চনত কাৰ্বি আংলং জিলাৰ ছটা বিদ্রোহী সংগটনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি মূল সুঁতিলৈ উভতি অহা চতুর্থ বর্ষ পূর্তি আজি ডিফুত পালন কৰা হয়। ডিফুৰ লাংকুং হাবে আৰু টাউন হলত আয়োজন কৰা এক ৰাজহুৱা সভাত প্রায় এহেজাৰ প্ৰাক্তন বিদ্রোহী নেতা সদস্য উপস্থিত থকাৰ উপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক দৰছিং ৰংহাং, জিলা আৰক্ষী অধীক্ষক উপস্থিত থাকে।

সভাত ভাষণ প্রদান কৰি ৰংহাঙে ইতিমধ্যে বিদ্রোহী সংগঠনসমূহৰ ৯০ শতাংশ দাবী পূৰণ হোৱা বুলি উল্লেখ কৰি ভৈয়ামৰ কাৰ্বি সকলৰ বাবে
খন উন্নয়ন পৰিষদ গঠনৰ বিষয়টো ইতিমধ্যে অসম চৰকাৰে বিবেচনা কৰি আছে বুলি উল্লেখ কৰে।
ইয়াৰ লগতে সংবিধানৰ ১২৫তম সংশোধনীত বিদ্রোহী সকলৰ ৰাজনৈতিক সমস্যা সমাধানৰ বহু পথ মুকলি হ’ল বুলি ৰংহাঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি অহা ৭ ছেপ্টেম্বৰত দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রীক সাক্ষাৎ কৰি সংবিধানৰ সংশোধন সম্পর্কে আলোচনা কৰিব বুলিও প্রকাশ কৰে।

সভাত ভাষণ প্রদান কৰি জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ইতিমধ্যে সংগঠনৰ সদস্য সকলৰ অধিকাংশ গোচৰ খাৰিজ কৰা হ’ল বুলি উল্লেখ কৰি যিসমূহ গোচৰ আছে সেয়া শেষ কৰাৰ বাবে সকলো প্ৰকাৰৰ আইনী সাহাৰ্য প্রদান কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ অর্থ সাহাৰ্যৰে জিলাখনৰ ডকমকাত বাঁহৰ এটা প্রকল্প ৬কোটি টকাৰ বিনিময়ত স্থাপন কৰিব বুলি প্রকাশ কৰে।
এই প্ৰকল্পৰ জৰিয়তে সংগঠন কেইটাৰ সদস্য সকল যথেষ্ট লাভাম্বিত হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে আশা প্রকাশ কৰে আনহাতে বিদ্রোহী সংগঠনৰ নেতা লংকি বে’য়ে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে শান্তি চুক্তিৰ প্ৰায় সকলো প্রক্রিয়া সম্পূর্ণ হৈছে বিশেষকৈ সদস্য সকলৰ সংস্থাপনৰ বিষয়টো সম্পূর্ণ হৈছে। দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলা আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্রহণ কৰিছে।
ৰাজনৈতিক সংস্থাপনৰ বিষয় সন্দৰ্ভত বিদ্রোহী নেতা গৰাকীয়ে কয় যে সংবিদানৰ ১২৫ তম সংশোধন হ’লে পৰিষদৰ নিৰ্বাচনত বিদ্রোহী সংগঠনৰ সদস্য সকলক প্রায় সংখ্যক আসন প্রদান কৰা হ’ব বুলি ইতিমধ্যে আমাক আশ্বাস প্রদান কৰাহৈছে বুলি উল্লেখ কৰে ৷













