
১৯৮৬ চনত কাৰ্বি আংলং ডিমা হাছাও জিলাক সামৰি ষষ্ঠ অনুসূচীৰ ভাৰতৰ সংবিধান প্ৰদত্ত অনুশ্ছেদ ২৪৪(ক)ৰ সুবিধা অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবীত গঠন হোৱা অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি, কেএনচিএ আৰু কেএছএই বুধবাৰে পুৱা প্ৰায় ১১ বজাত ডিফুস্থিত এএছডিচি কাৰ্যালয় চৌহদত স্বায়ত্তৰাজ্য বিৰোধী দমন দিৱস হিছাপে পালন কৰে ৷ আজি এএছডিচি, কেএনচিএ আৰু কেএএছএৰ সমৰ্থক সকলে ক’লা বেজ পৰিধান কৰি হাতে হাতে বিভিন্ন প্লে’কাৰ্ড প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সভাপতি ছনাছিং তেৰাঙে কয়যে ভাৰতীয় সংবিধানৰ আধাৰত এখন স্বায়ত্তৰাজ্যৰ দাবীত এএছডিচিয়ে জন্মলগ্নৰে পৰা আন্দোলন কৰি আহিছে ৷ উক্ত আন্দোলনৰ জৰিয়তে এএছডিচিয়ে কেইবাবাৰো কাৰ্বি আংলং বন্ধ ঘোষণা কৰি আৰক্ষীৰ লাঠ চাৰ্জৰ সন্মূখীন হৈছে ৷
তেনেদৰে ১৯৮৬ চনৰ ৩ আৰু ৪ ছেপ্টেম্বৰত ছেপ্টেম্বৰ মাহত বোকাজান চিচি আইৰ সন্মূখতো হাজাৰ হাজাৰ এএছডিচি প্ৰতিবাদকাৰীয়ে শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰি থাকোতে আসম আৰক্ষীয়ে প্ৰতিবাদ কাৰী সকলৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা কৰাত বহুত প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে মেৰিণা বে’পী, বাছাপী বে’বেপী ডেভিড ৰংহাঙ আৰু ছিং কিলিঙ গুকুতৰ ভাবে আহত হয় ৷
চিকিৎসাৰ পাছত সুস্থ হয় তাৰে দুজন ২০২২ চনত স্বৰ্গ গামী হয় ৷ সেয়ে ৩ ছেপ্টেম্বৰৰ দিনটো স্বায়ত্তৰাজ্য বিৰোধী দমন দিৱস হিছাপে পালন কৰি আহিছে বুলি মন্তব্য কৰে ৷













