
মঙলবাৰে বিয়লি প্ৰায় ৪ বাজি ৩০ মিনিটত কাৰ্বি জিলা জিলা বিজেপিৰ মুখপাত্র লাইছান ইংলেঙে এক সংবাদমেল অনুষ্ঠিত কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে জিলাখনত বনানীকৰণৰ নামত ২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ খণ্ডন কৰে ৷

ৰতন ইংতিৰ এই এই দাবী সম্পূর্ণ ভূঁৱা আখ্যা দি ৰতন ইংতি বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি নহয় যেন এজন আৰটিআই কর্মী ৰূপেহে পৰিচিত হোৱা বুলি কটাক্ষ কৰে। পৰিষদৰ বন বিভাগলৈ বছৰি ১৫ কোটি টকা আবন্টন হয় বুলি দাবী কৰি ইংলেঙে কয় যে বন বিভাগতো বহু কেইটা সংমণ্ডলৰ মাজত এই ধন ভাগ কৰা হয়। তেনে স্থলত ইমান বৃহৎ ধন বনানীকৰণৰ নামত আত্মসাৎ কৰাৰ প্ৰশ্নই নাহে।
তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলা দুখনত স্থাপন হোৱা স্থায়ী শান্তি আৰু উন্নয়ন ইংতিয়ে দেখা নাই বুলি ইংতিক সমালোচনা কৰি ইংতিয়ে কংগ্ৰেছৰ নেতৃত্বত থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ আগৰ পৰিবেশলৈ পুনৰ নতুন প্রজন্মক ঘূৰাই নিয়াৰ চিন্তা কৰিছে নেকি বুলিও প্রশ্ন কৰে।













