
অসম-নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ পপী ষ্ট্ৰ সহ শুকুৰবাৰে দুই বাজি ৫০ মিনিটত বহিঃ ৰাজ্য ৰাজস্থানৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

প্ৰাপ্ত খবৰ অনুসৰি খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত এছআই দ্বয় বিমান চেতিয়া, বিপুল শইকীয়া আৰু এএছআই হেমকান্ত শইকীয়াৰ লগতে থানা ষ্টাফৰ সহযোগত চলোৱা নিয়মীয়া নাকা তালাচীত উদ্ধাৰ হয় পপী ষ্ট্ৰ খিনি ৷

ডিমাপুৰৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা RJ 32 GD 2511 পঞ্জীয়ন নম্বৰৰ কণ্টেইনাৰত তালাচী চলাই আৰক্ষীয়ে এটা ক’লা পলিথিনত মেৰিয়াই অনা ৭৩৯ গ্ৰাম পপীষ্ট্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পপীষ্ট্ৰখিনি সৰবৰাহৰ লগত জড়িত ৰাজস্থানৰ প্ৰহ্লাদ চাহই আৰু ৰাম দাহান গুৰ্জৰক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













