ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Hemanta Dutta dies I বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 11, 2025
Reading Time: 1 min read
A A
0
Hemanta Dutta dies I বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

অসমৰ সাংস্কৃতিক জগতক উকা কৰি গুচি গ’ল বিশিষ্ট নাট্যকাৰ, পৰিচালক, গীতিকাৰ তথা অভিনেতা হেমন্ত দত্ত (Hemanta Dutta)। ৮৪ বছৰ বয়সত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই।

Hemanta Dutta dies I
বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান:

উল্লেখ্য যে হৃদৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট নাট্যকাৰগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট নাট্যশিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন তথা বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে, হেমন্ত দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ সামাজিক মাধ্যমত এক শোকবাৰ্তাত লিখিছে, “প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক আমাৰ অতি শ্ৰদ্ধাৰ হেমন্ত দত্ত ডাঙৰীয়াৰ প্ৰয়াণৰ খবৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ ৷ কেইবা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা দত্ত ডাঙৰীয়াই লিখা প্ৰতিটো গীতেই একো একোটি চিৰসেউজ গীত ৷ একেধৰণে তেখেতৰ দ্বাৰা সৃষ্ট নাটকসমূহে প্ৰতিগৰাকী শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ প্ৰবীণ শিল্পীগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক পৰিমণ্ডলৰ বাবে অপূৰণীয় ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধক সমবেদনা জ্ঞাপন কৰিলোঁ ৷” উল্লেখ্য যে হেমন্ত দত্তৰ জন্ম হৈছিল ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত।

তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ মঙলদৈত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰে।
তেওঁ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতলৈ ৩৫০ৰো অধিক নাটকৰ অৱদান আগবঢ়োৱাৰ লগতে বহুকেইখন নাট পৰিচালনা কৰি গৈছে।

লগতে ৩০০ৰো অধিক নাটকত অভিনয়ো কৰিছে। ইয়াৰ উপৰি ১৯৮০ চনত মুক্তিলাভ কৰা ছবি ‘উপপথ’ তেওঁ পৰিচালনা কৰিছিল। তেওঁৰ এখন উল্লেখযোগ্য নাট হৈছে ‘টাইটানিক’। এই নাটখনৰ জৰিয়তে তেওঁ সৃষ্টি কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিলেখ আজিও কোনো নাটকে ভংগ কৰিব পৰা নাই৷

তেওঁৰ কেইখনমান উল্লেখযোগ্য নাট হৈছে, এটা নষ্ট ল’ৰাৰ গল্প, পথ, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি। হেমন্ত দত্তই ৫দদৰো অধিক গীতো ৰচনা কৰিছে। তাৰ ভিতৰত মই যি বাটেৰে ওলালোঁ আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত অধিক জনপ্ৰিয়। উল্লেখ্য যে ২০২৪-২৫ বৰ্ষত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰে।

Tags: অভিনেতাগীতিকাৰ হেমন্ত দত্তৰ দেহাৱসানপৰিচালকবিশিষ্ট নাট্যকাৰ
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx