
সোমবাৰে পুৱা শ্ৰীনগৰত সেনাৰ ‘অপাৰেচন মহাদেৱ’ত নিহত তিনি সন্ত্ৰাসবাদী আছিল পহেলগাম কাণ্ডৰ তিনি সন্ত্ৰাসবাদী। ২৪ ঘণ্টাৰ মূৰত সংসদত এই কথা নিশ্চিত কৰে অমিত শ্বাহে (Amit Shah)। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মৃতকৰ শিবিৰৰ পৰা পহেলগামত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি মৃতকৰ পৰিচয় পত্ৰয়ো সেই দিশলৈ আঙুলিয়াই দিয়ে।

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত নিশ্চিত কৰে যে পহেলগামত ২৬ জন লোকৰ মৃত্যুৰ বাবে দায়ী সন্ত্ৰাসবাদী তিনিজন সোমবাৰে সেনাৰ গুলীত নিহত হৈছে।
অমিত শ্বাহে কয়, “পহেলগাম আক্ৰমণত এই সন্ত্ৰাসবাদীকেইটা জড়িত আছিল। আমাৰ সেনাই তেওঁলোকক ‘অপাৰেচন মহাদেৱ’ত নিৰ্মূল কৰিছে।” সন্ত্ৰাসবাদী তিনিজনৰ নামো উল্লেখ কৰে শ্বাহে। তেওঁলোক হ’ল চুলেমান, আফগান আৰু জিব্ৰাণ। সোমবাৰৰ অভিযানত তিনিওজনেই নিহত হয়।
অমিত শ্বাহে কয়, “এই তিনিজন লোকক খাদ্য যোগান ধৰি সহায় কৰা পাৰভেজ নামৰ ব্যক্তিজনক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। কালি সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনাৰ পিছত পহেলগাম কাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকসকলে তেওঁলোকক চিনাক্ত কৰিছিল।” অমিত শ্বাহে লগতে কয় যে সন্ত্ৰাসবাদী পাৰভেজৰ শিবিৰৰ পৰা খোজকাঢ়ি বৈছৰাণলৈ গৈছিল।
তেওঁলোকৰ হাতত আছিল AK-47 আৰু MI-9 কাৰ্বাইড বন্দুক। নিহত সন্ত্ৰাসবাদীৰ শিবিৰৰ পৰাও উদ্ধাৰ কৰা হয় সেই অস্ত্ৰ-শস্ত্ৰ। পহেলগামত ব্যৱহৃতৰ দৰে সেই একেই অস্ত্ৰ আছিল। ফৰেনছিক বেলিষ্টিক ৰিপ’ৰ্টত সেইটোৱেই কোৱা হৈছে। ইয়াৰ বাহিৰেও চকলেট পোৱা গৈছিল।
বোধহয় বহুদিন আত্মগোপন কৰি থাকিবলৈ শুকান খাদ্য ব্যৱহাৰৰ বাবে চকলেটবোৰ লৈ গৈছিল। অমিত শ্বাহে কয় যে উদ্ধাৰ হোৱা চকলেটসমূহ পাকিস্তানত তৈয়াৰ কৰা হৈছে। ইয়াৰ উপৰি সন্ত্ৰাসবাদীৰ শিবিৰৰ পৰা তেওঁলোকৰ ভোটাৰ কাৰ্ড আৰু অন্যান্য পৰিচয়-পত্ৰও উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, নিহত সন্ত্ৰাসবাদী তিনিওজনেই পাকিস্তানৰ বাসিন্দা।
উল্লেখ্য যে সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাচিগাম বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। সেনা অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন মহাদেৱ’।
পৰৱৰ্তী সময়ত বিভিন্ন সূত্ৰৰ জৰিয়তে খবৰ আহে যে পহেলগাম আক্ৰমণৰ ‘মাষ্টাৰমাইণ্ড’ আৰু লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী চুলেমান ওৰফে হাছিম মুছাও নিহত সন্ত্ৰাসবাদীৰ ভিতৰত আছে। অৱশ্যে সেনাই এই সন্দৰ্ভত এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত সোধাত আই জি পি কাশ্মীৰ মণ্ডল বিধিকুমাৰ ৱাৰ্ডিয়েও কয় যে মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে। সময় আহিলে সকলো ঘোষণা কৰা হ’ব।
ইয়াৰ পিছতে ডাচিগাম বনাঞ্চলত অনুসন্ধান আৰম্ভ কৰা হয়। উদ্ধাৰ হৈছে কেইবাটাও অস্ত্ৰ-শস্ত্ৰ। শেহতীয়াকৈ দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল নিয়াই। তেওঁলোকক নিহতসকলৰ মৃতদেহো দেখুৱাইছিল। অমিত শ্বাহে দাবী কৰে যে গ্ৰেপ্তাৰ কৰা লোকসকলে মৃতদেহ চোৱাৰ পিছতে নিহতসকলৰ পৰিচয় নিশ্চিত কৰে।
উল্লেখ্য যে ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। প্ৰায় আটাইকেইজনেই আছিল পৰ্যটক। উক্ত ঘটনাৰ তিনিমাহ পাৰ হৈ গ’ল যদিও সন্ত্ৰাসবাদীক বিচাৰি পোৱা নাই।
‘অপাৰেচন সিন্দুৰ’ সম্পৰ্কে সবিশেষ ৰাজহুৱা কৰা হোৱা নাই। বিৰোধীয়ে বাৰে বাৰে এই প্ৰশ্ন উত্থাপন কৰি আহিছে যে সন্ত্ৰাসবাদীক কিয় এতিয়াও ধৰিব পৰা নাই। তেনে পৰিস্থিতিত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰে যে ‘অপাৰেচন মহাদেৱ’ত নিহত সন্ত্ৰাসবাদী তিনিজন পহেলগাম কাণ্ডৰ লগত জড়িত।











