
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰ্বিভূমিত নিতৌ জ্বলিছে প্ৰতিবাদৰ জুই।ডিফুত এটা অট্টালিকাৰ সন্মূখত গৌৰৱ গগৈৰ এটা ফেইচবুক লাইভ কৰাৰ পাছতেই কাৰ্বি ভূমিত গৌৰৱ গগৈৰ বিৰুদ্ধে জ্বলিছে প্ৰতিবাদৰ জুই ।

মঙলবাৰে ডিফু চহৰস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেইবা সহস্ৰাধিক মহিলা সমবেত হৈ গৌৰৱ গগৈৰ শেহতীয়া মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।উল্লেখযোগ্য যে, যোৱা ৪ আৰু ৫ জুলাই তাৰিখে গৌৰৱ গগৈয়ে দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত হোৱাৰ পিছত কৰা এক বিতৰ্কিত মন্তব্যকলৈ ক্ষোভ কাৰ্বি আংলঙৰ বহু কেইটা জাতি-জনগোষ্ঠীয় লোকৰ।
গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ছিংদন ৰংহাংৰ নিৰ্মিয়মান বাসগৃহকেই কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ বাসগৃহ সজোৱাত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে জিলাখনৰ আধিকাংশয়ে। গৌৰৱ গগৈয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ “চিচমহল”তকৈও অধিক ব্যয় সাপেক্ষ তুলিৰাম ৰংহাঙে অট্টালিকাটো নিৰ্মাণ কৰিছে বুলি বিৰূপ মন্তব্য কৰাৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ।
মহিলাসকলে ডিফু চহৰত এক বিশাল সমদল উলিয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহিলা নেত্ৰী কাছাং তেৰাঙপীয়ে কয়যে, কাৰ্বি আংলঙত আহি কাৰোবাৰ ঘৰত সন্মূখত ভিডিঅ লাইভ কৰিবলৈ কোনে অধিকাৰ দিলে গৌৰৱ গগৈক ৷ ১৫ বছৰ কাল প্ৰয়াত তৰুণ গগৈৰ শাসন কালত কাৰ্বি আংলঙত চলি থকা সন্ত্ৰাসৰ সময়ত তৰুণ গগৈ কেইবাৰ আহিছিল বুলি প্ৰশ্ন কৰে ৷ কাৰ্বি আংলংত চলি থকা শান্তি আৰু প্ৰগতিত বিঘিনি নঘটাবলৈ সকিয়াই দিয়ে কাছাং তেৰাঙপীয়ে ৷












