
আজি সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) । শনিবাৰে এই যোগ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশকাপট্টনমৰ পৰা দেশৰ লক্ষাধিক স্থানত একেলগে গণ যোগাসনৰ নেতৃত্ব প্ৰদান কৰে।

‘যোগ সংগম’ নামৰ এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ব্যক্তিগত মংগলৰ লগতে বিশ্বজনীন বহনক্ষমতাৰ বাবে মানুহৰ মাজৰ আন্তঃসম্পৰ্ক ধৰি ৰখা আৰু জীৱনশৈলীত যোগক গ্ৰহণ সন্দৰ্ভত সজাগতা সৃষ্টি।
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত মুখ্য অনুষ্ঠানৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ প্ৰায় ৫ লাখ লোকৰ সৈতে আৰ কে বিচ্চৰ কাষত যোগাসন কৰি কয়, “যোগাসন কেৱল ব্যায়াম নহয়, ই এক জীৱন-যাপনৰ পদ্ধতি।”
তেওঁৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, আয়ুষ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকলে। আনহাতে, আহমেদাবাদৰ সমীপৰ ঐতিহাসিক আদালাজ ভাভ ষ্টেপৱেলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে।
ইয়াৰ উপৰি জম্মু-কাশ্মীৰৰ উধমপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোগ দিৱসত অংশগ্ৰহণ কৰে। ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কূটনীতিবিদসকলৰ সৈতে যোগাসনত যোগদান কৰে।
উল্লেখ্য যে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ’। ই হৈছে সুস্থ বিশ্বৰ বাবে ভাৰতৰ দৃষ্টিভংগী আৰু সকলোৰে মংগলৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
শুকুৰবাৰে সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে বিশাখাপট্টনমত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁক অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আদৰণি জনায়।
শনিবাৰে পুৱা ৬.৩০ বজাৰ পৰা ৭.৪৫ বজালৈ অনুষ্ঠিত এই যোগ দিৱসৰ অনুষ্ঠানত সমগ্ৰ দেশৰ অংশগ্ৰহণ আছিল অভূতপূৰ্ব।










