
উচ্চ মূল্যৰ ডিজিটেল লেনদেনৰ (UPI) বৰ্ধিত ব্যয়ক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত কেন্দ্ৰই বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক সহায়ৰ বাবে বৃহৎ পদক্ষেপ ল’ব বুলি দাবী কৰিছে কেইবাটাও সৰ্বভাৰতীয় সংবাদ মাধ্যমে।

বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক সহায় কৰিবলৈ চৰকাৰে ৩ হাজাৰ টকাৰ ওপৰৰ সকলো ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) পেমেণ্টত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট পুনৰ প্ৰৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এই তথ্য পোহৰলৈ অহাৰ পিছত আলোচনা আৰম্ভ হয়, বহুতৰ মাজত আতংক বিয়পি পৰে।
অৱশ্যে কেইঘণ্টামানৰ ভিতৰতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি প্ৰকৃত তথ্য প্ৰদান কৰে। এই দাবী আৰু এই জল্পনা-কল্পনা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি বিত্ত মন্ত্ৰালয়ে কৈছে।
বুধবাৰে সন্ধিয়া ৭ বজাত বিত্ত মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়াত স্পষ্ট কৰি দিয়ে, “ইউপিআইৰ লেনদেনত এমডিআৰ আৰোপ কৰা হ’ব বুলি কৰা জল্পনা-কল্পনা আৰু দাবী সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। এনে ভিত্তিহীন আৰু চাঞ্চল্যকৰ জল্পনা-কল্পনাই নাগৰিকৰ মাজত অপ্ৰয়োজনীয় অনিশ্চয়তা, ভয় আৰু সন্দেহৰ সৃষ্টি কৰে।” একে সময়তে জনোৱা হৈছে, “ইউপিআইৰ জৰিয়তে ডিজিটেল পেমেণ্টৰ প্ৰচাৰৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”
অৱশ্যে এই সকলোবোৰৰ মাজতে আন এক সিদ্ধান্ত চৰ্চালৈ আহিছে। এদিনত এজন ব্যক্তিয়ে নিজৰ ইউপিআই এপত কিমানবাৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব সেইটো নিৰ্ধাৰণ কৰা হ’ব। ইয়াতকৈ বেছি বেলেঞ্চ চেক কৰিব নোৱাৰিব। এন পি চি আয়ে তেওঁলোকক ফোন পে, পে টি এম, গুগল পে আদি সকলোৰে বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে।
১ আগষ্টৰ পৰা আৰম্ভ হ’ব এই কাম। এতিয়ালৈকে গ্ৰাহকে যেতিয়াই ইচ্ছা তেতিয়াই নিজৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিছিল। কিন্তু এতিয়াৰ পৰা তেওঁলোকে দিনটোত ৫০ বাৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব। ইয়াতকৈ বেছি কৰিব নোৱাৰিব। খবৰ পোৱা গৈছে যে ভৱিষ্যতে এই বেলেঞ্চ পৰীক্ষাৰ পৰিমাণ ২৫ বাৰলৈ হ্ৰাস কৰা হ’ব।











