চাৰিজন বন্ধুৱে গাড়ী এখনৰ ভিতৰত একেলগে খেলি আছিল। তেওঁলোকৰ অজ্ঞাতে হঠাতে গাড়ীৰ দুৱাৰখন বন্ধ হৈ যায়। দীৰ্ঘসময় ধৰি বন্ধ গাড়ীত আবদ্ধ হৈ থকাত শ্বাসৰুদ্ধ হৈ চাৰি নাবালকৰ কৰুণ মৃত্যু হয় (Child dies inside car)। বন্ধ গাড়ীৰ পৰা উদ্ধাৰ হয় তেওঁলোকৰ নিথৰ দেহ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰ জিলাত।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱা দ্বাৰাপুদী গাঁৱত সংঘটিত হয় এই ঘটনা। পৰিয়ালৰ লোকে জনোৱা মতে, পুৱা চাৰি নাবালক বন্ধু একেলগে খেলিবলৈ ওলাই গৈছিল। দুপৰীয়ালৈ ঘৰলৈ উভতি নাহাত সকলোৱে বিচাৰিবলৈ ধৰিলে।
কেইঘণ্টামান পিছত ঘৰৰ বাহিৰত এখন বন্ধ গাড়ীত তেওঁলোকক দেখা যায়। তেওঁলোকক অচেতন অৱস্থাত উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।
আৰক্ষীয়ে জনোৱা মতে, চাৰিজনৰ ভিতৰত দুজনৰ বয়স আঠ বছৰ আৰু দুজনৰ বয়স ছবছৰ। তাৰ ভিতৰত নিহত দুই নাবালক একেটা পৰিয়ালৰ। খেলি খেলি আটাইকেইজনে গাড়ীত উঠে। সেই সময়ত গাড়ীখনত লʼক নাছিল।
কিছুসময়ৰ পাছত হঠাৎ গাড়ীৰ দুৱাৰখন বন্ধ হৈ পৰাত দুৰ্ঘটনাটো সংঘটিত হয়। বহু সময় বন্ধ গাড়ীত থকাৰ বাবে তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ পৰে। বন্ধ গাড়ীত শ্বাসৰুদ্ধ হৈ ৪ নাবালকৰ মৃত্যু হয়। চাৰি নাবালক বন্ধুৰ মৃত্যুৱে গাঁওখনত শোকৰ ছাঁ পেলাইছে।