ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Girl killed Mother I জন্মৰ তিনিদিনত ৰাস্তাৰ পৰা উঠাই আনি দিছিল সন্তানৰ মৰ্যাদা, সেই কন্যাই প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে মাতৃক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 17, 2025
Reading Time: 1 min read
A A
0
প্ৰেমত প্ৰত্যাখ্যান, ছুৰীৰে আক্ৰমণ যুৱতীসহ পৰিয়ালৰ লোকক:

RELATED POSTS

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

New Logo Smal 1 | ASSAM TIMES POST

বিবাহৰ বহু বছৰৰ পাছতো নিঃসন্তান হৈ আছিল এটা দম্পতী। তেৰ বছৰ পূৰ্বে হঠাৎ তিনিদিনীয়া কেঁচুৱা এটা ৰাস্তাত পাইছিল। লগে লগে দুয়োৱে সেয়া “ভগৱানৰ উপহাৰ” বুলি গণ্য কৰি মৰমেৰে ডাঙৰ-দীঘল কৰিছিল। কন্যাক ডাঙৰ-দীঘল কৰি মানুহ কৰিব বিচাৰিছিল।

Girl killed Mother I
জন্মৰ তিনিদিনত ৰাস্তাৰ পৰা উঠাই আনি দিছিল সন্তানৰ মৰ্যাদা:

কিন্তু যেতিয়া প্ৰেমত বাধা পালে তেতিয়াই পালিত কন্যাই ১৩ বছৰ বয়সত মাতৃক হত্যা কৰে (Girl Killed Mother) । আনকি মাতৃৰ গহনাও চুৰি কৰি “প্ৰেমিক”ক দিয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ গাজাপতি জিলাত।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু তেওঁৰ দুই ‘প্ৰেমিক’ক। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৯ এপ্ৰিলত ৫৪ বছৰীয়া ৰাজালক্ষ্মী কৰৰ আকস্মিক মৃত্যু হৈছিল। দুবছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে ঘৰ এৰি ভাড়াঘৰলৈ গুচি যায়।

তেওঁৰ কন্যাৰ শৈক্ষিক সুবিধা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছিল। অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী পঢ়া-শুনাত যথেষ্ট ভাল। কিন্তু তেওঁ দুটাকৈ প্ৰেমৰ সম্পৰ্কত লিপ্ত হ’ল। এই বিষয়ত মাতৃৰ পৰা তেওঁ শাসনৰ ধমক পায়। তথাপি তেওঁ দুয়োটা সম্পৰ্ক বজাই ৰাখে আৰু মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰে।

তেওঁ যোৱা ৩০ এপ্ৰিলত মাতৃ ৰাজলক্ষ্মীৰ ভাতৃ শিৱপ্ৰসাদ মিশ্ৰক ফোন কৰি মাতৃৰ হৃদযন্ত্ৰৰ বিকলতাত মৃত্যু হোৱা বুলি জনায়। আনকি তেওঁ দুই এজন চিনাকি মানুহৰ লগত শেষ ৰীতি-নীতিও কৰে। খবৰ পোৱাৰ লগে লগে ৰাজলক্ষ্মীৰ ভাতৃ পিছদিনা বায়েকৰ ঘৰলৈ আহে। তেওঁ ভাবিলে তেঁৱেই অনাথ ছোৱালীজনীৰ যত্ন ল’ব। কিন্তু হঠাৎ শিৱপ্ৰসাদে ‘আৱিষ্কাৰ’ কৰে যে তেওঁৰ বায়েকৰ মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে।

তেওঁ আৰক্ষীক জনোৱা মতে, প্ৰথমে তেওঁৰ ভতিজীয়ে ফোন কৰি মাকক সংস্কাৰ কৰা বুলি কোৱাত আচৰিত অনুভৱ কৰিছিল।

তেওঁৰ বাবে অলপ ৰʼব নোৱাৰিলেনে, তাৰ পূৰ্বে ফোন এটা কিয় কৰিব নোৱাৰিলে বুলি মনত প্ৰশ্ন জাগে। ইয়াৰ উত্তৰ বিচৰাত ছোৱালীজনীয়েও সঠিক উত্তৰ দিব নোৱাৰিলে। পিছত বায়েকৰ ঘৰলৈ গৈ তেওঁৰ সা-সম্পত্তিৰ বিচাৰ-খোচাৰ কৰাত দেখিলে যে ৰাজলক্ষ্মীৰ গহনা নোহোৱা হৈ আছে।

লগে লগে তেওঁৰ সন্দেহ আৰু গভীৰ হৈ পৰে। ইয়াৰ পিছত শিৱপ্ৰসাদে বায়েক ভাড়াত থকা ঘৰটোত তালাচী চলাই এটা মোবাইল ফোন লাভ কৰে। সেই মোবাইল ফোনটোৰ পৰা পোৱা সূত্ৰৰ ভিত্তিত তেওঁ নিশ্চিত হয় যে বায়েকক হত্যা কৰা হৈছে। আৰু হত্যাকাৰী আন কোনো নহয় বায়েকৰ পালিত কন্যা।

১৪ মে’ত উদ্ধাৰ কৰা ফোনটো লৈ শিৱপ্ৰসাদ থানালৈ যায়। আৰক্ষীক দেখুৱায় ইনষ্টাগ্ৰামৰ আড্ডা। সকলো পৰীক্ষা কৰি কাৰ্যত স্তম্ভিত হৈ পৰে আৰক্ষী। জানিব পৰা মতে, অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে দুজনৰ প্ৰেমত পৰিছিল।

এই কথা গম পাই মাতৃয়ে নাবালক কন্যাক গালি পাৰে। কিন্তু তাৰ পিছত কন্যাই “প্ৰেমিক” দুজনৰ সৈতে মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰে। ইনষ্টাগ্ৰাম আড্ডাত প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি ৰাজলক্ষ্মীক পৃথিৱীৰ পৰা আঁতৰাই নিবলৈ ষড়যন্ত্ৰ কৰিছিল ছোৱালীজনীয়ে।

ইফালে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে নাবালিকাগৰাকীয়ে ২১ বছৰীয়া গণেশ ৰাথ আৰু ২০ বছৰীয়া দীনেশ সৌ নামৰ দুজন যুৱকৰ সৈতে আলোচনা কৰি মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ২৮ এপ্ৰিলৰ নিশা ১৩ বছৰীয়া কন্যাই খাদ্যৰ লগত কেইবাবিধো টোপনিৰ বড়ি মিহলাই দিয়ে। তাৰ পিছত মাকক ডিঙি চেপি হত্যা কৰে।

পিছদিনা তেওঁ যুৱক দুজনক নিজৰ ঘৰলৈ মাতি মাতৃৰ মৃতদেহ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে ৰাজলক্ষ্মীক মৃত বুলি ঘোষণা কৰাৰ পিছত কন্যাই গাড়ী ভাড়া কৰি মাকক শ্মশানলৈ লৈ যায়। লগত “প্ৰেমিক” দুজনো আছিল। অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত ৰাজলক্ষ্মীৰ কন্যাই মোমায়েকক ফোন কৰি মাকৰ মৃত্যুৰ খবৰ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে নাবালিকাগৰাকী আৰু দুই প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে আৰক্ষীয়ে ঘটনাস্থলীত গৈ কেইবাটাও নমুনা সংগ্ৰহ কৰে। ধৃত তিনিজনৰ মোবাইল ফোন জব্দ কৰা হৈছে। কিশোৰীগৰাকীক জুভেনাইল জাষ্টিচ ব’ৰ্ডত হাজিৰ কৰা হয়। বাকীসকলক আদালতত হাজিৰ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উঠাই আনি দিছিল সন্তানৰ মৰ্যাদাজন্মৰ তিনিদিনত ৰাস্তাৰ পৰাসেই কন্যাই প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে মাতৃক
Share4Tweet3Send

Related Posts

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

by News Desk
October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

by News Desk
October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
52

50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান
National-International

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

by News Desk
October 9, 2026
51
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

by News Desk
October 8, 2026
81
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d