বােকাখাতৰ চন্দ্রনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ সভাকক্ষত আজি বোকাখাত সমজিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ নিয়োজিত মাইক্ৰ’ অবজাৰ্ভাৰৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই প্রশিক্ষণত কেইবাগৰাকীও মাষ্টাৰ ট্ৰেইনাৰে মাইক্ৰ’ অবজাৰ্ভাৰ সকলক প্রশিক্ষণ প্রদান কৰে। প্রশিক্ষণ কালত উপস্থিত সকলো মাইক্ৰ’ অবজাৰ্ভাৰক ভোটগণনাৰ প্ৰক্ৰিয়াত তেওঁলোকে পালন কৰিবলগীয়া দ্বায়িত্ব আৰু ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হয়।
ৰাজ্যিক নিৰ্বাচন আয়োগে বোকাখাত সমজিলাত নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া অসম অসামৰিক সেৱাৰ বিষয়া পূৰবী গগৈয়ে আজিৰ এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্রশিক্ষণ কালত মাষ্টাৰ ট্ৰেইনাৰ সকলে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ব্যৱস্থাৰ বিষয়ে মাইক্ৰ’ অবজাৰ্ভাৰ সকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে থকা প্ৰশ্নসমূহৰ উত্তৰ দিয়ে।