চণ্ডীগড় আৰু পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে পুৱাতে বাজি উঠে ‘এয়াৰ চাইৰেন’ (Air Siren) । প্ৰশাসনিক সূত্ৰই জনোৱা মতে, সম্ভাৱ্য আক্ৰমণৰ আশংকাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চণ্ডীগড়ৰ উপ-আয়ুক্ত নিশান্ত কুমাৰ যাদৱে সকলো বাসিন্দাক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। বাৰান্দালৈ ওলাই অহাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
পাটিয়ালা জিলা প্ৰশাসনেও সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে।

একেবাৰে প্ৰয়োজনীয় নহ’লে তাত থকা বাসিন্দাসকলক বাহিৰলৈ ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰাপত্তাজনিত কাৰণত জিলাখনৰ সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
বৃহস্পতিবাৰে নিশা পাকিস্তানে জম্মুৰ উপৰি ভাৰতৰ পশ্চিম সীমান্তৰ ৰাজস্থান আৰু পঞ্জাবৰ কিছু অংশত ড্ৰোন আক্ৰমণ চলায়। ইটোৰ পিছত সিটোকৈ মিছাইল আৰু মৰ্টাৰ পৰে।
পাকিস্তানৰ আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে তিনিখন ৰাজ্যৰ সীমান্ত অঞ্চলত লাইট বন্ধ কৰি দিয়া হয়। সেই সময়তো পঞ্জাবৰ ৰাজধানী চণ্ডীগড়ত চাইৰেন বজোৱা হৈছিল। কেইবা ঘণ্টা ধৰি ‘ব্লেকআউট’ৰ অন্তত শুকুৰবাৰে পুৱা চণ্ডীগড়ত পুনৰ বিদ্যুৎ সেৱা আৰম্ভ কৰা হয়। কিন্তু পাকিস্তানৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বাবে আজি পুৱা পুনৰ বাজি উঠে এয়াৰ চাইৰেন।
ইফালে ভাৰতীয় সেনাই বৃহস্পতিবাৰে নিশা পাকিস্তানী ড্ৰোন আক্ৰমণক প্ৰতিহত কৰাৰ লগতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদ, লাহোৰ আৰু শিয়ালকোটত প্ৰতিশোধমূলক আক্ৰমণ চলায়।