সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান (Operation Sindoor)। এক যুদ্ধ সদৃশ পৰিস্থিতি। ভাৰতীয় সেনাৰ বিমান আক্ৰমণ। বুধবাৰে নিশা ১.৩০ বজাত আৰম্ভ এই আক্ৰমণ। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বিয়পি থকা সন্ত্ৰাসবাদী ঘাটিত এয়াৰ ষ্ট্ৰাইক ভাৰতৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ ভাৰতৰ।

‘অপাৰেচন সিন্দুৰ’ ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ যৌথ অভিযান। পাকিস্তানত অৱস্থিত ৪টা আৰু পাক অধিকৃত কাশ্মীৰত অৱস্থিত ৫টা সন্ত্ৰাসবাদীৰ গোপন ঘাটিক লক্ষ্য কৰি ভাৰতীয় বাহিনীৰ আক্ৰমণ।
পাকিস্তানত অৱস্থিত ঘাটিসমূহ হৈছে :
বাহাৱালপুৰ : আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত। জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়। ভাৰতীয় বাহিনীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস।
মুৰিদকে : আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০ কিলোমিটাৰ দূৰৈত অৱস্থিত লস্কৰ-ই-তৈবাৰ শিবিৰ।
শিয়ালকোটৰ ওচৰৰ সৰ্জল কেম্প : আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত জৈছ-ই-মহম্মদৰ প্ৰশিক্ষণ কেন্দ্ৰ।
শিয়ালকোটৰ ওচৰৰ মেহমুনা কেম্প : আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত হিজবুল মুজাহিদীনৰ প্ৰশিক্ষণ শিবিৰ।
পাক অধিকৃত কাশ্মীৰত অৱস্থিত ঘাটিসমূহ :
গুলপুৰ : পুঞ্চ-ৰাজৌৰী নিয়ন্ত্ৰণৰেখাৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
ছাৱাই শিবিৰ : পাক অধিকৃত কাশ্মীৰৰ ৰ টাংধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লস্কৰৰ এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কেন্দ্ৰ আছিল।
কোটলি : নিয়ন্ত্ৰণৰেখাৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল লস্কৰৰ এই শিবিৰ।
বৰনালা কেম্প : নিয়ন্ত্ৰণৰেখাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল।