
বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে (Nishikant Dubey) উচ্চতম ন্যায়ালয়ক ‘ধৰ্ম যুদ্ধ’ত উচটনি দিয়াৰ বাবে দোষাৰোপ কৰে। উচ্চতম ন্যায়ালয়ে নিজৰ সীমা অতিক্ৰম কৰিছে বুলিও মন্তব্য কৰে। সাংসদগৰাকীৰ এই বক্তব্যই দেশৰ ন্যায়িক ব্যৱস্থাক অপমান কৰা বুলি তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে।

তেওঁৰ বিৰুদ্ধে অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰা হয়। এই প্ৰসংগত উচ্চতম ন্যায়ালয়ে কয় যে বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক অৱজ্ঞাৰ গোচৰ ৰুজু কৰিবলৈ ছুপ্ৰিম কোৰ্টৰ অনুমতিৰ প্ৰয়োজন নাই।
আদালত আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ডুবেৰ মন্তব্যৰ বাবে বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনায় অধিবক্তা আনাচ তনবীৰে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ বি আৰ গাভাই আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিভাগীয় বিচাৰপীঠে কয় যে আবেদনকাৰীয়ে কেৱল এটৰ্নী জেনেৰেলৰ সন্মতি ল’ব লাগিব।
ন্যায়াধীশ বি আৰ গাভায়ে আবেদনকাৰীৰ অধিবক্তা তনবীৰক কয়, “আপুনি অপৰাধমূলক অৱজ্ঞাৰ গোচৰ দাখিল কৰিব পাৰে। দাখিল কৰিবলৈ আমাৰ অনুমতিৰ প্ৰয়োজন নাই। মাত্ৰ এটৰ্নী জেনেৰেলৰ অনুমোদনৰ প্ৰয়োজন।”
উল্লেখ্য যে নতুন ৱাকফ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়কে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে। “উচ্চতম ন্যায়ালয়ে যদি আইন প্ৰণয়ন কৰে তেন্তে সংসদ আৰু ৰাজ্যৰ বিধায়িনী দলৰ কি প্ৰয়োজন! সেইবিলাক বন্ধ কৰি দিয়ক।” ৱাকফ আইনক লৈ বংগৰ উত্তাল পৰিস্থিতিৰ কথা উল্লেখ কৰি ডুবেয়ে দাবী কৰে যে দেশৰ গৃহযুদ্ধৰ বাবে আদালত দায়ী হ’ব।
ইফালে কংগ্ৰেছ নেতা মহম্মদ জাভেদকে ধৰি ৱাকফ গোচৰৰ একাংশ আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তা আনাচ তানবীয়ে ডুবেৰ বিৰুদ্ধে ফৌজদাৰী অৱমাননাৰ গোচৰ আৰম্ভ কৰাৰ বাবে সন্মতি বিচাৰি এটৰ্নী জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰিছে।
তনবীৰৰ মতে, সাংসদ ডুবেৰ ৰাজহুৱা বক্তব্য অতি কলংকিত, বিভ্ৰান্তিকৰ আৰু উচ্চতম ন্যায়ালয়ৰ মৰ্যাদা আৰু কৰ্তৃত্ব হ্ৰাস কৰাৰ লক্ষ্যৰে আৰু ন্যায়পালিকাৰ নিৰপেক্ষতাৰ প্ৰতি সাম্প্ৰদায়িক অনাস্থা জগাই তুলিব পাৰে।
এটৰ্ণী জেনেৰললৈ লিখা এখন পত্ৰত তনবীৰে লিখিছে, “ডুবেৰ মন্তব্যই ৰাষ্ট্ৰীয় অশান্তিৰ বাবে দায়ী, যাৰ ফলত দেশৰ সৰ্বোচ্চ ন্যায়িক কাৰ্যালয়ক কলংকিত কৰা হৈছে আৰু জনসাধাৰণৰ অনাস্থা, ক্ষোভ আৰু সম্ভাৱ্য অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে।”
তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় অশান্তিৰ বাবে সাংসদগৰাকীয়ে অসাৱধানতাৰে মুখ্য ন্যায়াধীশক দোষাৰোপ কৰিছে। ই দেশৰ সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠানক কলংকিত কৰে আৰু জনসাধাৰণৰ অনাস্থা, ক্ষোভ আৰু সম্ভাৱ্য অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰে।”
ইফালে অধিবক্তা নৰেন্দ্ৰ মিশ্ৰই মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টো নিজে গ্ৰহণ কৰি ডুবেৰ বিৰুদ্ধে আদালত অৱমাননাৰ অপৰাধমূলক গোচৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে।
মিশ্ৰই নিজৰ পত্ৰত লিখিছে, “এই বক্তব্যসমূহ ন্যায়পালিকাক ভয় খুৱাবলৈ, জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ আৰু সংবিধান ৰক্ষাৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোক বদনাম কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা।”










