ৰাহুল গান্ধীৰ ভগ্নী তথা কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাক (Robert Vadra) বৃহস্পতিবাৰে ইডিয়ে জেৰা কৰে। হাৰিয়ানাৰ ভূমি দুৰ্নীতিৰ গোচৰত মঙলবাৰৰ পৰা একেৰাহে তিনিদিন দিল্লীস্থিত কেন্দ্ৰীয় সংস্থাটোৰ মুখ্য কাৰ্যালয়ত তেওঁ হাজিৰ হয়।

বৃহস্পতিবাৰে তেওঁক প্ৰায় ৭ ঘণ্টা ধৰি জেৰা কৰা হয়। ইডিৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে সম্প্ৰতি ৰবাৰ্ট ভাদ্ৰাক আৰু চমন কৰা নহয়। অৱশ্যে পুনৰ মাতিবনে নাই সেয়াও স্পষ্ট নহয়।
মঙলবাৰে ভূমি দুৰ্নীতিৰ গোচৰত ইডিৰ চমনৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰথমবাৰৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ৰবাৰ্ট ভাদ্ৰা। সেইদিনা প্ৰায় ছয় ঘণ্টা ধৰি জেৰা কৰা হয়। বুধবাৰে পুনৰ ৰবাৰ্টক মতা হয়। সেইদিনা আঠ ঘণ্টা ধৰি তেওঁ কেন্দ্ৰীয় সংস্থাটোৰ মুখামুখি হয়। পিছদিনা পুনৰ ইডিয়ে তেওঁক ফোন কৰে।
বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পিছতে ৰবাৰ্ট ইডিৰ কাৰ্যালয়লৈ যায়। পত্নী প্ৰিয়ংকাও তেওঁৰ লগত আছিল। সন্ধিয়া ৬.১৫ বজাত তেওঁ ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহে। ইডিৰ সূত্ৰ অনুসৰি, ৰবাৰ্টক ১৭-১৮টামান প্ৰশ্ন কৰা হৈছিল। তেওঁৰ এই বক্তব্য বিত্তীয় জালিয়াতি প্ৰতিৰোধ আইনৰ (পি এম এল এ) অধীনত লিপিবদ্ধ কৰা হৈছে।
ইফালে ৰবাৰ্ট ভাদ্ৰাই কেন্দ্ৰীয় সংস্থাটোৰ এই চমনক বাৰে বাৰে ‘ৰাজনৈতিক প্ৰতিশোধ’ বুলি উল্লেখ কৰিছে। বৃহস্পতিবাৰে পুৱা তেওঁ কয়, “২০১৯ আৰু ২০২০ চনত এই গোচৰত হাৰিয়ানা চৰকাৰে মোক ক্লিন চিট দিছিল। ইমান বছৰৰ পাছত মোক কিয় পুনৰ মাতি অনা হৈছে? এয়া ৰাজনৈতিক প্ৰতিশোধ। এনেদৰে কেন্দ্ৰীয় সংস্থাটোৰ অপব্যৱহাৰ হৈছে।”
আনহাতে, সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, হাৰিয়ানাৰ ভূমি দুৰ্নীতিৰ গোচৰত ৰবাৰ্টৰ বিৰুদ্ধে ইডিয়ে অভিযোগনামা দাখিল কৰিব পাৰে। এই ক্ষেত্ৰত কেতবোৰ সম্পত্তিও জব্দ কৰা হ’ব পাৰে।