ASSAM TIMES POST
নিউজ ডেস্কঃ
চীনত ক্ৰমশঃ ভয়ানক হৈ পৰিছে কৰোনা ভাইৰাছ৷ এই পৰ্যন্ত ভাইৰাছটোত আক্ৰান্ত হোৱা লোকৰ বাবে কোনো প্ৰতিষেধক ওলোৱা নাই৷ প্ৰতিদিনে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে চীনত৷
বৃহস্পতিবাৰ পৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ মুঠ ১৭০ জন লোকৰ মৃত্যু হয়৷ শুকুবাৰে মৃত্যুৰ সংখ্যা ২১৩ জন হয়গৈ৷ কেৱল হুবেই প্ৰদেশত ২০৪ জন এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়৷ সমগ্ৰ চীনত প্ৰায় দহ হাজাৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ আনহাতে চীনৰ উপৰি মুঠ ২১ খন দেশত এই ভাইৰাছে আক্ৰমণ কৰিছে৷
অৱশ্যে চীনৰ বাহিৰে আন দেশত ইয়াৰ চিন্তাৰ কাৰণ হৈ পৰা নাই৷ ইপিনে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে৷ আনহাতে চীনৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কাষৰীয়া দেশবোৰতো আতংকই বিৰাজ কৰিছে৷ চীন-ৰাছিয়াৰ সীমান্ত অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰাছিয়াই৷ ইটালিৰ প্ৰধানমন্ত্ৰীয়ে চীন আৰু ইটালীৰ মাজত বিমান চলাচল বন্ধ কৰিছে৷
এয়াৰ ইণ্ডিয়া, ব্ৰিটিছ এয়াৰৱেজ, লায়ন এয়াৰ, ইণ্ডিগ’ৰ চীন অভিমুখী বিমান উৰণ বন্ধ কৰিছে৷ বিশেষ বিমান পঠাইছে নিউজীলেণ্ড, ছিংগাপুৰে৷ জাপানৰ দুখন বিমানত যোৱা যাত্ৰী উভতি গৈছে৷ ভাৰতে চীনত থকা লোকক ঘুৰাই অনাৰ ব্যৱস্থা কৰিছে৷










