পকছো (POCSO) গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয় (Allahabad High Court)ৰ এটা ৰায়ক লৈ বিতৰ্ক (Controversy over verdict)ৰ সৃষ্টি হৈছে। এইবাৰ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ (Central Women and Child Welfare) মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে (Annapurna Devi) এই ৰায়ক ‘ভুল’ বুলি অভিহিত কৰে। শুকুৰবাৰে তেওঁ এই ৰায়ক গৰিহণা দিয়াই নহয়, উচ্চতম ন্যায়ালয়ক বিষয়টো পৰ্যবেক্ষণ কৰিবলৈও অনুৰোধ জনায়। লগতে মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে, “এই ৰায়দানে সমাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিছে।”
শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত। দুজন যুৱকে এগৰাকী ছোৱালীৰ বুকুত হাত দিয়া আৰু পাইজামাৰ ৰছী খুলি দিয়াৰ অভিযোগ উত্থাপন হয়। কাছগঞ্জ আদালতৰ নিৰ্দেশত অভিযুক্ত দুজনৰ বিৰুদ্ধে পকছো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। এই গোচৰটো নিম্ন আদালতৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত উপনীত হয়। তাত শুনানিৰ সময়ত ন্যায়াধীশে কয় যে বুকু স্পৰ্শ কৰা, পায়জামাৰ ৰছী খুলি দিয়াটো ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টা নহয়।

ন্যায়াধীশ ৰামমনোহৰ নাৰায়ণ মিশ্ৰৰ বিচাৰপীঠে কয় যে অভিযুক্ত দুজনৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টাৰ গোচৰ নহয়। কিন্তু এইটো নিশ্চিতভাৱে যৌন নিৰ্যাতনৰ গোচৰ। ধৰ্ষণৰ চেষ্টাৰ গোচৰ ৰুজু কৰিবলৈ হ’লে প্ৰমাণ কৰিব লাগিব যে এই কাণ্ডই ধৰ্ষণৰ সূচনা কৰিছিল। প্ৰস্তুতি আৰু প্ৰকৃত অপৰাধ সংঘটিত কৰাৰ চেষ্টাৰ মাজত পাৰ্থক্য আছে। আদালতে এইটোও পৰ্যবেক্ষণ কৰে যে সাক্ষীসকলেও ভুক্তভোগীক বিবস্ত্ৰ কৰি দিয়া বুলি কোৱা নাছিল। অভিযুক্তই ভুক্তভোগীক ধৰ্ষণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি ৰেকৰ্ডত থকা তথ্যৰ পৰা কোনো ধৰণৰ ইঙ্গিত পোৱা নাই।
উল্লেখযোগ্য যে ২০২১ চনত সংঘটিত হৈছিল এই ঘটনা। এই সন্দৰ্ভত কাছগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যে কিশোৰীগৰাকীক গাড়ীত উঠাই নি ঘৰত নমাই দিয়াৰ নামত ধৰ্ষণৰ চেষ্টা চলাইছিল। অভিযুক্তই কিশোৰীগৰাকীক কালভাৰ্টৰ তললৈ টানি লৈ যায়। স্থানীয় ৰাইজে ঘটনাটো দেখাত অভিযুক্ত দুজনে তেওঁক পেলাই থৈ পলাই যায়।
যিসময়ত দেশৰ বিভিন্ন প্ৰান্তত ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গোচৰ বৃদ্ধি পাইছে, সেই সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু জ্যেষ্ঠ অধিবক্তাই কয় যে উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত এই গোচৰত হস্তক্ষেপ কৰিব লাগে।