
যোৱা ১৪ মাৰ্চত ডিফু চহৰত এটা মুছলমান সম্প্ৰদায়ৰ মাছ বেপাৰীয়ে এগৰাকী জনজাতীয় ছাত্র সংগঠনৰ সদস্যক দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰাৰ প্ৰতিবাদ আজিও অব্যাহত আছে। আজি কার্বি ছাত্র সন্থাৰ উদ্যোগত সন্ধিয়া এক শান্তি সমদল বাহিৰ কৰা হয়।

এই শান্তি সমদলত বাংলাদেশী অবৈধ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি ‘বাংলাদেশীৰ দাদাগিৰি কার্বি আংলঙত নচলিব, বাংলাদেশী নাগৰিক বহিষ্কাৰ কৰক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তপ্ত কৰি তোলে। কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ডিফু চহৰৰ মাজেৰে আহি ডিফু বজাৰ হৈ সমদলকাৰী দলটো পুনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ উভতি যায়। আজি সমদলকাৰী সকলে অবৈধভাবে বসতি স্থাপন কৰা এই সন্দেহজনক নাগৰিকক বহিষ্কাৰৰ দাবী তোলে।












