ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষী- সেনাৰ বৃহৎ সফলতা ৷ আৰক্ষী আৰু সেনাৰ অভিযানত আটক হ’ল ডিএনএলএ উগ্ৰপন্থীৰ স্বয়ম্ভু সেনাধ্যক্ষ মিজম ফংল’ছা ওৰফে গাজাউ ডিমাছা ৷

অভিযানকাৰী দলটোৱে ধৃত ডিএনএৰ স্বয়ম্ভূ সেনাধ্যক্ষ জনৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে ৷ দায়িত্ব গ্ৰহন কৰাৰ পাছত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ এইটো আন এক বৃহত সাফল্য ৷ইয়াৰ পূবে পিডিছিকেৰ ১ জন সদস্য কৰায়ত্ব কৰাৰ লগতে শিবিৰ উৎখাত কৰিছিল কাৰবি আংলং আৰক্ষীয়ে ৷










