ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home crime

Elizabeth Gogoi controversy : গৌৰৱ গগৈৰ পত্নীৰ আই এছ আই সংযোগ, তদন্তৰ বাবে এছ আই টি গঠন ডি জি পিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2025
Reading Time: 1 min read
A A
0
Elizabeth Gogoi controversy : গৌৰৱ গগৈৰ পত্নীৰ আই এছ আই সংযোগ, তদন্তৰ বাবে এছ আই টি গঠন ডি জি পিৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Drugs Seized in Assam’s Khatkhati : two arrested

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

বৰ্তমান অসমৰ ৰাজনীতিৰ চৰ্চাত (Assam Politics) আছে সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi) আৰু তেওঁৰ পত্নী এলিজাবেথ (Wife Elizabeth) ক’লবাৰ্ণ গগৈ। গৌৰৱ পত্নীৰ আই এছ আই সংযোগ আৰু গৌৰৱ গগৈৰ পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠকৰ বিষয়ক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতা-কৰ্মীসকলে অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত দেওবাৰে অনুষ্ঠিত কেবিনেটত বিষয়টো সন্দৰ্ভত এক গোচৰ তৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে (Director General of Assam Police) এক গোচৰ ৰুজু (case has been filed) কৰে। পৰৱৰ্তী সময়ত ডি জি পিয়ে বিষয়টো তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল (এছ আই টি) গঠনৰ কথা ঘোষণা কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, “চর্চিত বিষয়টিৰ ক্ষেত্রত গোচৰ পঞ্জীয়নৰ পাছত অসম আৰক্ষীৰ সঞ্চালকপ্রধানে বিষয়টোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধান দল (এছ আই টি) গঠন কৰিছে। অসম আৰক্ষীয়ে এটা পেছাদাৰী আৰু সম্পূৰ্ণ পুংখানুপুংখ অনুসন্ধান চলাব।”

এই বিশেষ অনুসন্ধান দলটোৰ নেতৃত্ব দিব চি আই ডিৰ এছ ডি জি পি এম পি গুপ্তাই। আনহাতে, সদস্য হিচাপে থাকিব এ আই জি পি এছ প্ৰণৱজ্যোতি গোস্বামী, এছ পি ৰজী কলিতা আৰু এ ডি চি পি মৈত্ৰেয়ী ডেকা।

উল্লেখ্য, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে যিটো পাকিস্তানী সংগঠনৰ লগত কাম কৰে তাৰ মুৰব্বী আলী টাউকিৰ শ্বেখৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এফ আই আৰ দাখিল কৰিছে। অভিযোগ অনুসৰি, তেওঁ ‘ভাৰতবিৰোধী’ কামত জড়িত হ’ব পাৰে। তাৰ বাবেই টাউকিৰ আৰু একাংশ অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে। আনহাতে, এলিজাবেথৰ সৈতে পাকিস্তানী নাগৰিকৰ এই সংযোগে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰত কিবা প্ৰভাৱ পেলায় নেকি সেয়া চাবলৈও আৰক্ষীক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। ইফালে গৌৰৱ গগৈয়ে দাবী কৰে যে বিজেপিৰ একাংশ নেতাই তেওঁৰ পত্নীৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে। ইয়াৰ বিৰুদ্ধে তেওঁ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।

photo | ASSAM TIMES POST
গৌৰৱ গগৈৰ পত্নীৰ আই এছ আই সংযোগ, তদন্তৰ বাবে এছ আই টি গঠন ডি জি পিৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাত শ্বেখৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে।  এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই কথা জনাইছে।

উল্লেখ্য যে আলী টাউকিৰ শ্বেখ হৈছে ‘লিড পাকিস্তান’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ মুৰব্বী। সংস্থাটোৱে জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰে। মুখ্যমন্ত্ৰীৰ দাবী যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে ইছলামাবাদত থাকি এই সংগঠনত কাম কৰিছিল।  এলিজাবেথে শ্বেখৰ সৈতে ‘ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক’ (চি ডি কে এন) সংস্থাৰ বাবেও কাম কৰিছে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে তেওঁ কাম কৰে। আনহাতে, মুখ্যমন্ত্ৰীয়ে এই তদন্তত এলিজাবেথে সহায় কৰিব বুলিও আশা কৰিছে।  তদন্তকাৰী দলটোক তেওঁৰ পাছপ’ৰ্ট, ভিছা, ভ্ৰমণৰ নথি-পত্ৰ দেখুৱাব লাগিব। প্ৰয়োজন হ’লে গৌৰৱ গগৈয়েও সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত এলিজাবেথে স্বামীৰ হৈ প্ৰচাৰ চলাইছিল। ফলত তেওঁ ভিছা নীতি ভংগ কৰিছিল নাই তাৰ তদন্তৰ বাবেও কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখিব। মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাত কয়, “কোনোবাই ৰাজনৈতিক দলৰ নেতা হোৱাৰ বাবেই দেশৰ নিৰাপত্তাৰ লগত আপোচ কৰিব নোৱাৰিব।”

ইয়াৰ উপৰি সংসদত গৌৰৱ গগৈয়ে দেশৰ পাৰমাণৱিক শক্তি আৰু প্ৰতিৰক্ষাক লৈ উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভতো মুখ্যমন্ত্রীয়ে প্রশ্ন উত্থাপন কৰে৷ তেওঁ কয়, “য’ত বিষয়বোৰ স্পৰ্শকাতৰ, তেনে ক্ষেত্ৰত তেওঁ কিয় এই প্ৰশ্নটো সুধিলে ?” মুখ্যমন্ত্ৰীৰ লগতে কটুক্তি, “কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেশৰ নাগৰিকত্ব লৈছে। কিন্তু এলিজাবেথে কিয় লোৱা নাই?” আনহাতে, এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰত্যাক্ৰমণ কৰি কয়, “অহা বছৰ অসমত নিৰ্বাচন। বিগত বছৰকেইটাত বিজেপিয়ে কোনো কাম কৰা নাই। কোনো প্ৰতিশ্ৰুতি পূৰণ নহ’ল। গতিকে দেখুৱাবলৈ একো নাই। সেইবাবেই বিজেপিয়ে ভুল তথ্য বিয়পাইছে। কিন্তু অসমৰ ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে। তেওঁলোকে প্ৰকৃত বিষয়টো বুজিব।”

Tags: ElizabethGogoicontroversyএলিজাবেথক'লবাৰ্ণগগৈবিতৰ্ক
Share4Tweet3Send

Related Posts

Drugs Seized in Assam’s Khatkhati : two arrested
crime

Drugs Seized in Assam’s Khatkhati : two arrested

by ASSAM TIMES POST
January 18, 2026
50
Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown
crime

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

by ASSAM TIMES POST
January 12, 2026
50
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
50
Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
50
Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice
crime

Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice

by ASSAM TIMES POST
September 16, 2025
50
Doughter in law Injury I বোৱাৰীয়ে কিয় চাকৰি কৰিব? ৰাজপথত বোৱাৰীয়েকক ইটাৰে আঘাত শহুৰেকৰ
crime

Murder I বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ:স্বামী গ্ৰেপ্তাৰ

by Staff Reporter
September 7, 2025
50
ADVERTISEMENT
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx