বৰ্তমান অসমৰ ৰাজনীতিৰ চৰ্চাত (Assam Politics) আছে সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi) আৰু তেওঁৰ পত্নী এলিজাবেথ (Wife Elizabeth) ক’লবাৰ্ণ গগৈ। গৌৰৱ পত্নীৰ আই এছ আই সংযোগ আৰু গৌৰৱ গগৈৰ পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠকৰ বিষয়ক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতা-কৰ্মীসকলে অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত দেওবাৰে অনুষ্ঠিত কেবিনেটত বিষয়টো সন্দৰ্ভত এক গোচৰ তৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে (Director General of Assam Police) এক গোচৰ ৰুজু (case has been filed) কৰে। পৰৱৰ্তী সময়ত ডি জি পিয়ে বিষয়টো তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল (এছ আই টি) গঠনৰ কথা ঘোষণা কৰে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, “চর্চিত বিষয়টিৰ ক্ষেত্রত গোচৰ পঞ্জীয়নৰ পাছত অসম আৰক্ষীৰ সঞ্চালকপ্রধানে বিষয়টোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধান দল (এছ আই টি) গঠন কৰিছে। অসম আৰক্ষীয়ে এটা পেছাদাৰী আৰু সম্পূৰ্ণ পুংখানুপুংখ অনুসন্ধান চলাব।”
এই বিশেষ অনুসন্ধান দলটোৰ নেতৃত্ব দিব চি আই ডিৰ এছ ডি জি পি এম পি গুপ্তাই। আনহাতে, সদস্য হিচাপে থাকিব এ আই জি পি এছ প্ৰণৱজ্যোতি গোস্বামী, এছ পি ৰজী কলিতা আৰু এ ডি চি পি মৈত্ৰেয়ী ডেকা।
উল্লেখ্য, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে যিটো পাকিস্তানী সংগঠনৰ লগত কাম কৰে তাৰ মুৰব্বী আলী টাউকিৰ শ্বেখৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এফ আই আৰ দাখিল কৰিছে। অভিযোগ অনুসৰি, তেওঁ ‘ভাৰতবিৰোধী’ কামত জড়িত হ’ব পাৰে। তাৰ বাবেই টাউকিৰ আৰু একাংশ অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে। আনহাতে, এলিজাবেথৰ সৈতে পাকিস্তানী নাগৰিকৰ এই সংযোগে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰত কিবা প্ৰভাৱ পেলায় নেকি সেয়া চাবলৈও আৰক্ষীক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। ইফালে গৌৰৱ গগৈয়ে দাবী কৰে যে বিজেপিৰ একাংশ নেতাই তেওঁৰ পত্নীৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে। ইয়াৰ বিৰুদ্ধে তেওঁ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাত শ্বেখৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে। এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই কথা জনাইছে।
উল্লেখ্য যে আলী টাউকিৰ শ্বেখ হৈছে ‘লিড পাকিস্তান’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ মুৰব্বী। সংস্থাটোৱে জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰে। মুখ্যমন্ত্ৰীৰ দাবী যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে ইছলামাবাদত থাকি এই সংগঠনত কাম কৰিছিল। এলিজাবেথে শ্বেখৰ সৈতে ‘ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক’ (চি ডি কে এন) সংস্থাৰ বাবেও কাম কৰিছে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে তেওঁ কাম কৰে। আনহাতে, মুখ্যমন্ত্ৰীয়ে এই তদন্তত এলিজাবেথে সহায় কৰিব বুলিও আশা কৰিছে। তদন্তকাৰী দলটোক তেওঁৰ পাছপ’ৰ্ট, ভিছা, ভ্ৰমণৰ নথি-পত্ৰ দেখুৱাব লাগিব। প্ৰয়োজন হ’লে গৌৰৱ গগৈয়েও সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত এলিজাবেথে স্বামীৰ হৈ প্ৰচাৰ চলাইছিল। ফলত তেওঁ ভিছা নীতি ভংগ কৰিছিল নাই তাৰ তদন্তৰ বাবেও কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখিব। মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাত কয়, “কোনোবাই ৰাজনৈতিক দলৰ নেতা হোৱাৰ বাবেই দেশৰ নিৰাপত্তাৰ লগত আপোচ কৰিব নোৱাৰিব।”
ইয়াৰ উপৰি সংসদত গৌৰৱ গগৈয়ে দেশৰ পাৰমাণৱিক শক্তি আৰু প্ৰতিৰক্ষাক লৈ উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভতো মুখ্যমন্ত্রীয়ে প্রশ্ন উত্থাপন কৰে৷ তেওঁ কয়, “য’ত বিষয়বোৰ স্পৰ্শকাতৰ, তেনে ক্ষেত্ৰত তেওঁ কিয় এই প্ৰশ্নটো সুধিলে ?” মুখ্যমন্ত্ৰীৰ লগতে কটুক্তি, “কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেশৰ নাগৰিকত্ব লৈছে। কিন্তু এলিজাবেথে কিয় লোৱা নাই?” আনহাতে, এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰত্যাক্ৰমণ কৰি কয়, “অহা বছৰ অসমত নিৰ্বাচন। বিগত বছৰকেইটাত বিজেপিয়ে কোনো কাম কৰা নাই। কোনো প্ৰতিশ্ৰুতি পূৰণ নহ’ল। গতিকে দেখুৱাবলৈ একো নাই। সেইবাবেই বিজেপিয়ে ভুল তথ্য বিয়পাইছে। কিন্তু অসমৰ ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে। তেওঁলোকে প্ৰকৃত বিষয়টো বুজিব।”