বাংলাদেশৰ শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰ উৎখাত হোৱাৰ পিছত দেশখনৰ অস্থিৰ পৰিস্থিতিৰ বাবে আমেৰিকা আৰু ইউৰোপ ক্ৰমান্বয়ে দক্ষিণ এছিয়াৰ বস্ত্ৰ উৎপাদনৰ মুখ্য কেন্দ্ৰ ঢাকাৰ পৰা আঁতৰি আহিছে।

তেনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক পাঁচ বছৰত ভাৰতৰ বস্ত্ৰ ৰপ্তানি তিনিগুণ কৰাৰ আহ্বান জনায়। তেওঁৰ স্পষ্ট বাৰ্তা, ভাৰতে বস্ত্ৰ উদ্যোগত দক্ষিণ এছিয়াৰ নেতৃত্ব ল’ব লাগিব। ইয়াৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা উচিত।
প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত বস্ত্ৰৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা ‘ইণ্ডিয়া টেক্স-২০২৫’ত ভাষণ দি কয়, “আজি ভাৰত হৈছে বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ বস্ত্ৰ ৰপ্তানিকৰ্তা।
আমাৰ ৰপ্তানিয়ে ৩ লাখ কোটি টকা স্পৰ্শ কৰিছে। এতিয়া আমাৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত এই লক্ষ্য ৯ লাখ কোটিলৈ বৃদ্ধি কৰা। কিন্তু আজি দেশৰ উৎসাহ দেখি মই অনুভৱ কৰোঁ যে আপোনালোক সকলোৱে মোৰ গণনা ভুল প্ৰমাণ কৰিব। এই কাম (৯ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য) বহু আগতে পূৰণ কৰা হ’ব। ’’
উল্লেখযোগ্য যে দ্বিতীয় কাৰ্যকালৰ বাবে ক্ষমতালৈ অহাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ বাণিজ্য আৰু শুল্কৰ ওপৰত এক কঠোৰ নীতি গ্ৰহণ কৰিছে।
ট্ৰাম্পে ভাৰতৰ সৈতে আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য ঘাটিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। এনে পৰিস্থিতিত চাউথ ব্লকে বছৰটোৰ শেষৰ ফালে ভাৰত-আমেৰিকাৰ মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগো উক্ত চুক্তিৰ এটা ডাঙৰ কাৰক।
বিশেষজ্ঞসকলৰ মতে, আমেৰিকাৰ কঠোৰ শুল্ক নীতিৰ প্ৰতিৰোধ আৰু দ্বিপাক্ষিক বাণিজ্য ঘাটি দূৰ কৰিবলৈ ভাৰতীয় বস্ত্ৰ উদ্যোগে অনাগত দিনবোৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
চাৰিদিনীয়া এই সমাৱেশত ৬,০০০ আন্তঃৰাষ্ট্ৰীয় সদস্য, বাণিজ্য কৰ্মী আৰু ১২০ খনতকৈও অধিক দেশৰ ক্ৰেতা উপস্থিত হৈছে। মোডীয়ে কয় যে এই সমাৱেশ নীতি নিৰ্মাতা, উদ্যোগী আৰু সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে সাক্ষাৎ আৰু অংশীদাৰসকলৰ বাবে এক মঞ্চ হ’ব।
“এইটো অতি আনন্দৰ বিষয় যে আজি আমি ৰোপণ কৰা বীজটো অতি সোনকালেই বটগছলৈ পৰিণত হ’ব।” তেওঁ কয় যে যোৱা দশকত ভাৰতৰ বস্ত্ৰ উদ্যোগত এফ ডি আইৰ প্ৰবাহৰ পৰিমাণ দুগুণ হৈছে।