শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ডিলাই আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ এহাল দম্পতি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে AS 21L 5396 নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকা সময়ত আৰক্ষীয়ে তালাচী চলায় ৷ তালাচী কালত মটৰ চাইকেল চালকজনৰ পৰা আৰক্ষীয়ে ৩ টা চাবোনৰ বাকচত লুকুৱাই অনা ৩৬.৩৩ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

এই সন্দৰ্ভত মটৰ চাইকেল চালক মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ চাতিয়ান মাধ্যমৰ আব্দুল জব্বৰৰ পুত্ৰ হবিবুৰ ৰহমান আৰু তেওঁৰ পত্নী মজিদা বেগম আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উক্ত তালাচী অভিযানটো ডিলাই থানাৰ অ’চি আকাশ গগৈ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত চলিছিল বুলি জানিব পৰা গৈছে ৷