ASSAM TIMES POST
নিউজ ডেস্কঃ দিল্লী বিধানসভা নির্বাচনৰ পূৰ্বে চমক দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিত যোগ দিয়ে দেশৰ অন্যতম বেডমিণ্টন তাৰকা চাইনা নেহৱালে।
বুধবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলত যোগ দিয়ে চাইনাই। চাইনাৰ সৈতে বিজেপিত যোগদান কৰে তেওঁৰ ভগ্নী চন্দ্রাংশুৱেও।
বিজেপিত যোগদানৰ পিছত চাইনাই কয়, ‘‘দেশৰ হৈ মই পদক জিকিছোঁ। মই নিজে খুব পৰিশ্রম কৰো। যিসকল পৰিশ্রমী, মই তেওঁক পচন্দ কৰোঁ। নৰেন্দ্র ছাৰক দেখি মই অনুপ্রাণিত হওঁ। দেশৰ বাবে বহু কাম কৰিছে প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে। মইও দেশৰ বাবে কিবা কৰিব বিচাৰোঁ।’’










