![]()
বৃহস্পতিবাৰে দিনৰ ১ বজাত ডিফুত পিজিআৰ-ভিজিআৰ ভূমিত (PGR-VGR land) অবৈধ বেদখলক উচ্ছেদকলৈ (On eviction of illegal encroachments) পুণৰ উত্তাল হৈ পৰে দল-সংগঠন প্ৰতিবাদকাৰী (Party-organization protest) সকলে কাৰবি জাতিক নিজৰ অনুভৱক জাগ্ৰত কৰাৰ বাবে গ্ৰহণ কৰিছে ‘অনুভৱৰ দিন’ৰ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদকাৰী সকলে ডিফু ডনবস্ক’ স্কুলৰ কাষত সমূহীয়া মুণ্ডন আৰু ডিঙিত জোতাৰ মালা পিন্ধি অভিনৱ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ KSA, KSYC-কে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ৷ প্ৰতিবাদকাৰী হাতে হাতে জোতা-চেণ্ডেলেৰে নিজৰ গালত মৰিয়াই মৰিয়াই নিজকে আহত কৰে৷
পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদত কাৰবি জাতিক জাগ্ৰত হ’বলৈ এই প্ৰতিবাদ কৰা হৈছে জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে৷নিজৰ ঘৰতে কাৰবিসকল সুৰক্ষিত নহয় বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰী নেতাসকলে৷ লগতে পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ উচ্ছেদ নোহোৱালৈকে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷












