
১৯৭৬ চনতে উৎপাদন আৰম্ভ হোৱা বোকাজান বিলাতী মাটিৰ কাৰখানা (Bokajan Cement Factory)ৰ পৰা নিৰ্গত হোৱা ধূলিয়ে সুদীৰ্ঘ দিন ধৰি বোকাজানবাসী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি (Threat to public health)ৰ সৃষ্টি কৰি আহিছে। বিষয়টোক কেন্দ্ৰ কৰি বোকাজানৰ বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে যোৱা মাৰ্চত প্ৰায় আঠ কোটি টকা ব্যয় সাপেক্ষে কাৰখানাৰ ধূলিৰ প্ৰদূষণ নিয়ন্ত্ৰণ (Control of factory dust pollution)ৰ এক আঁচনি গ্ৰহণ (Policy Adoption) কৰা হয়।

ছমাহৰ ভিতৰতে আঁচনি খন সম্পূৰ্ণ হোৱাৰ সময় ঘোষণা কৰা হৈছিল যদিও আজি পৰ্যন্ত আঁচনি খনৰ নিৰ্মাণ সম্পূৰ্ণ নহʼল। এনে এক পৰিস্থিতিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ছৰ্জুন হাঞ্চেৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটা দল আজি বিয়লি কাৰখানা চৌহদত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে কাৰখানা কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে কাৰখানা কৰ্তৃপক্ষই অহা ডেৰ মাহৰ ভিতৰত আঁচনি খন কাৰ্যক্ষম হৈ উঠাৰ আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।
আনহাতে, বিলাতী মাটিৰ কাৰখানাটোৰ উন্নীতকৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে কাৰখানাৰ বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা নিবনুৱাক অগ্ৰাধিকাৰ দিব বুলি কাৰখানা কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰা বুলি অৱগত কৰে। আনহাতে, কাৰখানাৰ প্ৰৱন্ধকগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আঁচনি খনৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়াৰ লগতে প্ৰতিকূল বতৰৰ বাবে আঁচনিখনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ কিছু বিলম্ব হোৱা বুলি মত ব্যক্ত কৰে।












