নিসংগতা (Loneliness) বা একাকীত্ব বৰ্তমান এক গুৰুতৰ সমস্যা (A serious problem) হিচাপে দেখা দিছে। সকলো থাকিও একো নোহোৱাৰ অনুভৱত এতিয়া একাংশই ভুগিবলৈ আৰম্ভ কৰিছে। এই অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু তাৰ পৰাই জন্ম হয় নিসংগতাৰ ভাব। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে গান শুনি, চিনেমা আৰু ধাৰাবাহিক চাই বা কামত নিমগ্ন হৈ থাকিবলৈ চেষ্টা কৰে। কিন্তু ই অস্থায়ী। এনেদৰে দীৰ্ঘদিন ধৰি থাকিলে মগজুত প্ৰভাৱ পৰে। শেহতীয়া এক অধ্যয়নেও একেই কথা প্ৰকাশ কৰিছে।
২০২৪ চনত ‘নেচাৰ মেণ্টেল হেল্থ’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণা পত্ৰৰ মতে, দীৰ্ঘদিন অকলে থাকিলে সন্মুখীন হোৱা সমস্যাৰ বাবে ডিমেনচিয়া (Dementia)ৰ দৰে নিউৰ’-ডিজেনেৰেটিভ ৰোগত (Neuro-degenerative disease) আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ৩১ শতাংশ বৃদ্ধি পায়।
এই বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ মাৰ্টিনা লুচেটীৰ নেতৃত্বত গৱেষকৰ দল এটাই বিশ্বৰ ৬ লাখৰো অধিক লোকৰ ওপৰত এক বৃহৎ অধ্যয়ন চলাইছিল। এটা মেটা বিশ্লেষণত দেখা গৈছে যে অকলে বাস কৰা লোকৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা ৩১ শতাংশ বেছি। যিসকলৰ এই সমস্যা নাই তেওঁলোক তুলনামূলকভাৱে সুৰক্ষিত।

নিসংগতা আৰু ডিমেনচিয়াৰ মাজৰ সম্পৰ্ক কি?
নিসংগতাই মগজুৰ কাৰ্যকলাপ হ্ৰাস কৰে। উদ্দীপনাৰ সৃষ্টি নহয়। দীৰ্ঘদিন এনেদৰে থাকিলে মগজুত প্ৰদাহ আৰু মানসিক চাপৰ সৃষ্টি হয়। ফলত মূৰৰ ভিতৰৰ কোষবোৰ লাহে লাহে ধ্বংস হৈ যায়। আকৌ বিচ্ছিন্নতাৰ অনুভৱে নিয়মীয়া শৰীৰচৰ্চাতো বাধা দিয়ে। ফলত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
নিসংগতা আৰু ডিমেনচিয়াৰ ‘ৰিস্ক ফেক্টৰ’বোৰৰো বহুত মিল আছে। সকলোৰে পৰা নিজকে পৃথক কৰিলেও নিসংগতা আহে। আকৌ নিসংগতাই হতাশাৰ সময়তো গ্ৰাস কৰিব পাৰে। এইটোৱেই হৈছে মানসিক দিশ। গৱেষকসকলে কয় যে দীৰ্ঘদিনীয়া ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা যিকোনো দীৰ্ঘদিনীয়া ৰোগে নিসংগতাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে গৱেষকসকলে লগতে নিসংগতাৰ বাবে এক নিৰ্দিষ্ট ধৰণৰ ডিমেনচিয়াৰ সৃষ্টি কৰে বুলিও প্ৰকাশ কৰিছে, যাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ‘Vascular Dementia’ বুলি কোৱা হয়।