ষ্টাফ ৰিপ‘ৰ্টাৰ,ডিফু : যোৱা পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত আজি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয়।জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া সত্যপ্ৰদীপ বৰদলৈ তথা নিৰ্বাচনী বিষয়া ক্ৰমে সুনীল গগৈ আৰু পৰমানন্দ তালুকদাৰে আজি বোকাজানত এক সংবাদমেলৰ আয়োজন কৰি ফলাফল ঘোষণা কৰে।
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যকালৰ বাবে বাৰিম ইংতি সভাপতি, মুনিমন্ত শইকীয়া উপ-সভাপতি আৰু অনিল হাজৰিকা সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়।
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি-সম্পাদক ক্ৰমে বাৰিম ইংতি, অনিল হাজৰিকাই সংবাদ মেলত আগন্তুক কাৰ্যকালত কাৰ্বি আংলং জিলা সাহিত্য সভাই জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা সমূহৰ উৎকৰ্ষ সাধনৰ বাবেও কাম কৰি যাব বুলি মন্তব্য কৰে। লগতে, জিলাখনত নিষ্ক্ৰিয় হৈ থকা সাহিত্য সভাৰ শাখাসমূহ সক্ৰিয় কৰি তোলাৰ বাবে পদক্ষেপ হাতত লোৱা হʼব বুলি কয়।