বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আজি বকলীয়াঘাট (Bokoliaghat)ত অসম সাহিত্য সভাৰ উদ্যোগত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ আতিথ্যত আৰু বকলীয়াঘাট শাখা সাহিত্য সভাৰ সহযোগত কেন্দ্ৰীয়ভাৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস (Bishnu Rabha Divas)টি উদযাপন কৰা হয়৷ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাই ৷ পাতাকা উত্তোলন কৰি দিয়া ভাষণত ড: হাজৰিকাই কয় যে, পাহাৰীয়া জিলাখনত বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপনে পাহাৰ ভৈয়ামৰ জনগনৰ মাজত সম্প্ৰীতি অধিক সুদৃঢ় কৰিব ৷

পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি গিৰীশ সন্দিকৈয়ে৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান পদুম বৰাই৷ কুঁহি, ৰামধেনু আৰু আকাশৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ মাজত বিভিন্ন প্ৰতিযোগীতাসমুহ অনুষ্ঠিত কৰা হয়৷ দিনৰ ১১’৩০ বজাৰ পৰা মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷
ড: সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাৱে অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে কয় যে, বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি আংলং ভ্ৰমণ কালত কাৰ্বি জনগোষ্ঠীটোৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ত গভীৰ অধ্যয়ন কৰিছিল৷ পাহাৰীয়া জিলাখনৰ তেতিয়াৰ ক্ষুদ্ৰ বৰা, জয়ছিং দলৈ, ছত্ৰছিং টেৰণৰ সৈতে ৰাভাৰ আছিল সুসম্পৰ্ক ৷ সেয়েহে হয়তু বিষ্ণু প্ৰসাদ ৰাভাই কাৰ্বি সকলক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল বুলি তেৰাঙে মন্তব্য কৰে৷
নিদিষ্ট বক্তা হিচাৱে উপস্থিত থকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণা শইকীয়া বৰদলৈয়ে ৰাভাৰ কৰ্মৰাজীৰ ওপৰত তত্বগধুৰ ভাষণ প্ৰদান কৰে৷ সভাপতিৰ ভাষণত ডঃ সূৰ্যকান্ত হাজৰীকাই কয় যে, অসমৰ সমাজ জীৱনলৈ বিষ্ণু প্ৰসাদ ৰাভাৰ যি অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি ৷ কলাগুৰু জনাৰ আদৰ্শ আৰু সৃষ্টিৰাজিক সজিব কৰি ৰাখিবলৈ অসমত এটা সংগ্ৰহালয় নিৰ্মাণৰ বাৱে সংকল্প লোৱাৰ কথা ব্যক্ত কৰে ৷
আজিৰ প্ৰজন্মই বিষ্ণু ৰাভাৰ পৰা শিকিব আৰু জানিব লগা বহু কথা আছে বুলি মন্তব্য কৰে৷ এই বিষয়ত অসম চৰকাৰক তেও গুৰত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷উল্লেখ্য, আজিৰ মুকলি সভাতে, কলাগুৰু নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে কাৰ্বি লামেট আমেইৰ সভাপতি বাৰিম ইংতিয়ে ৷ বড়ো সাহিত্য সভাৰ সভাপতি অৰবিন্দ উজীৰ, কাৰ্বি আংলং তিৱা সাহিত্য সভাৰ সভাপতি খৰছিং খলাৰৰ লগতে বহু কেই গৰাকী বিশিষ্ট লোকে আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ প্ৰদান কৰে৷