বলীউডৰ “হিট মেছিন” খ্যাত আয়ূসমান খুৰানাৰ আগন্তুক ছবি “শুভ মংগল জ্যাদা সাৱধান” মুক্তিৰ পূৰ্বেই আকৌ এবাৰ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনত আয়ূসমানে এজন “গে” ৰ চৰিত্ৰ ৰূপায়ন কৰিছে। উক্ত চৰিত্ৰটোৰ বিষয়ে আয়ূসমানে সকলোৰে লগত কথা পতাৰ লগতে ছবিখনৰ বিষয়েও কিছু কথা ব্যক্ত কৰে।
ছবিখনত থকা এখন স্ক্ৰীপ্ট যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱাৰ লগতে তেওঁ কয় যে লিখাটো কোনোধৰণৰ সহজ কাম নহয়;কিন্তু ইয়াক সকলোৱে সহজ বুলি ধাৰণা কৰে। অভিনেতা-অভিনেত্ৰী সমূহটো পুতলাহে; যেনেদৰে স্ক্ৰীপ্টত লিখা থাকে ঠিক তেনেদৰে অভিনয় কৰিব লাগে অভিনেতা-অভিনেত্ৰীয়ে।