
মণিপুৰত হত্যা (Killings in Manipur) কৰা একেটা পৰিয়ালৰ তিনিজন সদস্যৰ অংগচ্ছেদ কৰা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন (Post-mortem report) ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। এইবাৰ আহিছে এটি ১০ মহীয়া শিশুকে ধৰি পৰিয়ালটোৰ আন তিনিজন লোকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। বুধবাৰে আৰক্ষীয়ে এই প্ৰতিবেদন লাভ কৰে। কিন্তু এই প্ৰতিবেদনত প্ৰকাশিত তথ্যত স্তম্ভিত হৈ পৰিছে সকলো।
শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৬টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। জানিব পৰা মতে, মৃতকৰ ভিতৰত আটাইতকৈ কম বয়সীয়াজনৰ বয়স ১০ মাহ। বাকীকেইজনৰ বয়স ক্ৰমে ৮ আৰু ৩১ বছৰ। ১০ মহীয়া কেঁচুৱাটো আৰু ৩১ বছৰীয়া মহিলাগৰাকী, দুয়োৰে চকু উলিয়াই পেলোৱা হৈছিল। চোকা অস্ত্ৰৰে আঘাত কৰি মূৰটো শৰীৰৰ পৰা প্ৰায় বিচ্ছিন্ন কৰি পেলোৱা হৈছিল। আনহাতে, আঠ বছৰীয়া শিশুটিৰ শৰীৰত একাধিক গুলীৰ ক্ষত আছে।

শেহতীয়াকৈ মণিপুৰৰ জিৰিবাম জিলাৰ মেইটেই পৰিয়ালৰ ছয়জন সদস্যক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল কুকি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে। অসম সীমান্তৰ সমীপৱৰ্তী অঞ্চলটোৰ পৰা অপহৰণ কৰা হয় তেওঁলোকক। পিছত জিৰিবামত নদীত ওপঙি থকা শিশু আৰু এগৰাকী বৃদ্ধাৰ মুণ্ডবিহীন মৃতদেহ উদ্ধাৰ হয়। পিছত পৰিয়ালটোৰ ৬ জন সদস্যৰ আটাইৰে মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে তিনিজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছিল। এইবাৰ আৰু তিনিজন লোকৰ তথ্য পোহৰলৈ আহিছে।
১০ মহীয়া কেঁচুৱাটোৰ নাম লাইশ্ৰম লামগানবা। প্ৰায় পচি যোৱা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। দুয়োটা চকু উলিয়াই অনা হৈছে। গোটেই শৰীৰত চোকা অস্ত্ৰৰ আঘাতৰ চিন। ডিঙিতো চোকা অস্ত্ৰৰ ক্ষত। আঘাত এনেকুৱা যে মূৰটো শৰীৰৰ পৰা কেনেবাকৈহে ওলমি আছিল। এটা আঠ বছৰীয়া শিশুও একেধৰণৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁৰ পিঠি আৰু পেটত একাধিক গুলীৰ আঘাত আছে। গধুৰ বস্তুৰে মূৰত আঘাত কৰিছে ৩১ বছৰীয়া মহিলাগৰাকীক। মূৰৰ খোলাটোৰ এটা ফাল থেতেলিয়াই পেলোৱা হৈছে। লগতে তেওঁৰ শৰীৰত একাধিক গুলীৰ আঘাত আছে।
শেহতীয়াকৈ জিৰিবাম কাণ্ডৰ পিছৰে পৰা মণিপুৰত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। ন্যায় বিচাৰি আৰু অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত ইম্ফলৰ ৰাজপথত প্ৰতিবাদ (Protest on the streets of Imphal) হয়। ৰাজ্যৰ কেইবাজনো বিধায়কৰ ঘৰতো উগ্ৰমূৰ্তি ধৰা ৰাইজে আক্ৰমণ চলায়। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পূৰ্বপুৰুষৰ ঘৰতো আক্ৰমণৰ চেষ্টা চলোৱা হয়। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বিগত কিছুদিনত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জাৰি কৰা হৈছে কাৰ্ফিউ, মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰা হৈছে।













