
অনলাইন ট্ৰেডিং কেলেংকাৰী (online trading scandal) গোচৰত জামিন লাভ বিশাল ফুকন (Vishal Phukan), স্বপ্ননীল দাস (Swapnil Das), তাৰ্কিক বৰা (Tarkik Bara)সহ আন পাঁচজন (Other five)ৰ। মঙলবাৰে এই কেলেংকাৰীত অভিযুক্ত পাঁচজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান (Gauhati High Court grants bail) কৰে।

আনহাতে, আন দুজন অভিযুক্ত জিতেন ডেকা আৰু অভিজিত চন্দাও জামিনত মুকলি হয়। উল্লেখ্য যে অনলাইন কেলেংকাৰী গোচৰত অভিযুক্ত মুঠ আঠজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল। কিন্তু ইয়াৰে ভিতৰত পাঁচজনৰ জামিন মঞ্জুৰ কৰিলেও সঞ্জীৱ ডেকা, চন্দন নাথ আৰু শুভ্ৰজ্যোতি কুৰ্মী নামৰ আন তিনিজন অভিযুক্তৰ জামিন আবেদন গুৱাহাটী হাইকোৰ্টে নাকচ কৰে।
উল্লেখযোগ্য যে এই জামিনৰ আবেদন প্ৰক্ৰিয়াত স্বপ্ননীল দাসক প্ৰতিনিধিত্ব কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। আনহাতে, বিশাল ফুকনক প্ৰতিনিধিত্ব কৰে ডিব্ৰুগড়ৰ প্ৰখ্যাত অধিবক্তা আব্দুল হালিমে। তেওঁলোক দুজনৰ নেতৃত্বত আন কেইবাগৰাকীও অধিবক্তাৰ এটা দলে জামিন আবেদনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।













