![]()
এইবাৰ গ্ৰন্থপ্ৰেমীয়ে চানমাৰিত ল’ব নোৱাৰে গ্ৰন্থৰ সুবাস। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণৰত উৰণ সেতুৰ বাবে এইবাৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত নহয় অসম গ্ৰন্থমেলা (Assam Book Fair, Guwahati), গুৱাহাটী। তাৰ পৰিৱৰ্তে অহা ২৭ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ (Khanapara Veterinary College Ground)ত অনুষ্ঠিত হ’ব অসমৰ গ্ৰন্থপ্ৰেমীৰ অতি আদৰৰ গুৱাহাটী গ্ৰন্থমেলা।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজিত এই গ্ৰন্থমেলা ১২ দিনীয়াকৈ চলিত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা ২০২৫ বৰ্ষৰ ৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্ৰকাশ কৰিছে।

এক বিবৃতিত প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত বছৰৰ দৰে এইবছৰো গুৱাহাটী গ্ৰন্থমেলা আয়োজনৰ প্ৰস্তুতি চলাইছে। কিন্তু স্থানক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। পূৰ্বতে চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰা হৈছিল যদিও উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকা বাবে যান-জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিকল্প স্থান হিচাপে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনক বাছনি কৰা হৈছিল যদিও গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে নিৰাপত্তাজনিত কাৰণত খেলপথাৰখন ব্যৱহাৰৰ অনুমতি লাভত কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
অৱশেষত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ তৎপৰতাৰ বাবে খেলপথাৰখন ব্যৱহাৰৰ অনুমতি লাভ কৰা হয়। কিন্তু পূৰ্ব নিৰ্ধাৰিত সময়তকৈ দুটা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰে ৰাজ্যৰ গৃহ বিভাগে।













