
পৰিধানত ক’লা পোছাক পিন্ধিছে। কিছুমানৰ মুখত প্ৰতিবাদৰ চিহ্ন হিচাপে ক’লা কাপোৰৰ মাস্ক। কিছুমানৰ কান্ধত ক’লা ৰঙৰ প্ৰতীকী কফিনো। লগতে শ্লোগান, ‘জাস্তিচ ফৰ ইণ্ডিজেনাচ পিপ’লছ’ (খিলঞ্জীয়া লোকৰ বাবে ন্যায়)।

এই ‘জাস্তিচ’ শ্লোগান হিংসাপীড়িত মণিপুৰত। মণিপুৰ (Manipur)ৰ সকলো জনজাতীয় ছাত্ৰ সন্থা (Tribal Students’ Union) (এটিএছইউএম), আইটিএলএফ (ITLF) আৰু অন্যান্য কুকি-জো জনজাতীয় সংগঠন (Kuki-jo tribal organization)ৰ এই প্ৰতিবাদ (Protest)। আঢ়ৈ দশক পূৰ্বে দিল্লীত মডেল জেছিকা লালৰ হত্যাৰ গোচৰটো গাপ দি ৰখাৰ অভিযোগত সমগ্ৰ দেশতে ‘জাষ্টিছ ফৰ জেছিকা’ শ্লোগান দিছিল। এইবাৰ এই প্ৰতিবাদ মণিপুৰত।
মণিপুৰত ডেৰ বছৰৰো অধিক সময় ধৰি জাতিগত হিংসাৰ ঘটনা সংঘটিত হৈ আহিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ ভিতৰত আছে চুৰাচান্দপুৰ। এইখন হৈছে পাহাৰীয়া অঞ্চলত মিশ্ৰিত জনসংখ্যা থকা এখন জিলা। সোমবাৰে কুকিসকলে ন্যায়ৰ দাবীত সমদল কৰে। গোষ্ঠী হিংসাত নিহত আত্মীয়সকলৰ স্মৃতিত প্ৰতীকী কফিন লৈ প্ৰতিবাদ কৰে। অৱশ্যে কুকি-জো জনজাতিসকল মণিপুৰৰ স্থানীয় হয়নে নহয় তাক লৈ প্ৰশ্ন উঠিছে। মূলত ম্যানমাৰ আৰু মিজোৰামৰ পৰা মণিপুৰৰ পাহাৰলৈ তেওঁলোকৰ আগমন বুলি কোৱা হৈছে।













