
১৬ নবেম্বৰৰ পৰা কাৰবি আংলঙৰ ডিফু (Diphu of Karbi Anglong)ত বাহৰ পাতি আছিল কেন্দ্ৰীয় সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী (Union Minister of State for Social Justice) ড° বীৰেন্দ্ৰ কুমাৰে (Dr. Birendra Kumar)৷ ১৬ তাৰিখে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু বিষয়াসকলৰ পৰা উন্নয়নৰ খতিয়ান লোৱাৰ পিছত দেওবাৰে চামেলাংচ’ আৰু ডকমকা এলেকাৰ বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ লগত মন্ত্ৰী গৰাকীয়ে মত-বিনিময় কৰে৷

আজি পুৱাতে ডিফুৰ বেছিক স্কুল (Diphu’s Basic School) আৰু আদৰ্শ অংগনৱাৰী কেন্দ্ৰ পৰিদৰ্শন (Anganwari centre visit) কৰি তেওঁ শিশুসকলৰ লগত মত-বিনিময় কৰে৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া কাৰ্যসূচী (three-day programme)ৰ বৰ্ণনা দি কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সকলো মন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলত বছৰত দুই তিনিদিন থাকিব লাগে৷ সেয়ে তেওঁ আহি ডিফুত থাকি বিভিন্ন স্হান ঘূৰি চৰকাৰী কামৰ বুজ লোৱাৰ লগতে বিশেষভাবে সক্ষম লোককে ধৰি ৰাইজৰ লগত কথা পাতে৷ তেওঁ কাৰবি আংলঙৰ উন্নয়নক লৈ সন্তুষ্ট বুলি কৈ কয় যে আগতে উগ্ৰপন্থীৰ সমস্যা আছিল এতিয়া নাই৷ ২০১৪ চনৰ পিছত জিলাখনৰ বহু পৰিবৰ্তন হৈছে৷

কাৰবি আংলং জিলা জলজীৱন মিছনৰ কামত ৰাজ্যৰ ভিতৰতে পিছপৰি আছে৷ বহু আঁচনি ব্যৰ্থ হৈছে ৷ কিন্ত এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে আন বহু ৰাজ্যতকৈ ইয়াত ভাল কাম হৈছে ৷ ৰাইজে বিশুদ্ধ পানী খাবলৈ পাইছে ৷
আনহাতে মাজত মাথোঁ এটা দিন বাকী থকাৰ সময়ত ২০ নবেম্বৰত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ জনতাই কাৰ হাতত ক্ষমতা দিয়ে সেয়া নিৰ্ণয় হ’ব৷ কিন্তু মন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাজ্যতে বেজেপি দল বিজয়ী হ’ব বুলি কৈ ২০২৬-ত অসমতো পুণৰ বিজেপি দলৰে চৰকাৰ হ’ব বুলি দাবী কৰে৷












