
অগ্নিগৰ্ভা মণিপুৰত হিংসাত্মক (Manipur Violence) ঘটনা অব্যাহত আছে। বিশেষকৈ শেহতীয়াভাৱে ৰাজ্যখনৰ জিৰিবাম জিলা (Jiribam District) অধিক উত্তপ্ত হৈ পৰিছে। তাৰে মাজতে দেওবাৰে নিশা জিৰিবামত এজন মেইটেই প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত (Protesting killed in police firing) হয়। আনহাতে, গুলীবিদ্ধ হয় আন দুজন যুৱক। প্ৰতিবাদকাৰীসকলে ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত প্ৰতিবাদকাৰী যুকজনৰ মৃত্যু হয়। লগতে আহত হয় দুজন। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো জিলাখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে৷

উল্লেখ্য যে যোৱা সোমবাৰে মণিপুৰৰ জাকুৰাডহৰৰ পৰা অপহৰণ কৰা হৈছিল ৬ গৰাকী মেইটেই শিশু-মহিলা। তাৰে মাজৰ ৫ গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, দেওবাৰে নিশা জিলাখনত আন কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়। সান্ধ্য আইনৰ মাজতো হাজাৰ হাজাৰ মেইটেই পুৰু-মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদকাৰী মহিলাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগতে জিৰিবামৰ বিধায়ক আচাব উদ্দিনৰ ফটো ৰাজপথৰ ওপৰতে ভৰিৰে গচকে। লগতে বিজেপি, কংগ্ৰেছ আৰু জে ডি ইউৰ জিৰিবাম জিলা কাৰ্যালয়ত অগ্নিসংযোগ কৰে। আনহাতে, বিধায়কগৰাকীৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱাৰ লগতে অগ্নিসংযোগ কৰে।













