
ডিফু (Diphu)ৰ শংকৰ কৃষ্টি বিকাশ বৰনামঘৰ (Shankar Krishti Vikas Barnamghar)ত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাসৰ নাম সম্পন্ন হয়৷ ৰাসৰ লগত সংগতি ৰাখি শিশু, কিশোৰী আৰু মহিলাসকলে ৰাসৰ নৃত্য (Rasa’s dance) প্ৰদৰ্শন কৰে৷ বৰনামঘৰৰ গোপীনীসকলে দিহানাম আৰু নৱ প্ৰজন্মৰ কিশোৰসকলে খোল বাদনেৰে দিনজোৰা নামৰ কাৰ্যসূচীক অধিক প্ৰাণৱন্ত কৰি তুলে৷ নামঘৰীয়া দিলীপ ফুকনে নামেৰে দিনটোৰ কাৰ্যসূচী সম্পন্ন কৰে৷ নামঘৰৰ সম্পাদক বিপুল বুঢ়াগোহাঁইয়ে পৰিচালনা কৰা ৰাস নৃত্য আৰু খোল বাদনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট লেখক-সাংবাদিক জয়ছিং টকবীয়ে৷ নিজৰ ভাষণত টকবীয়ে শ্ৰীমন্তশঙ্কৰদেৱৰ সৃষ্টিৰাজী বিশ্বতে বিৰল বুলি অভিহিত কৰে৷ তেওঁ কয় যে জগতগুৰু জনাই কেৱল ধৰ্ম প্ৰচাৰ কৰা নাছিল ৷

তেখেতে নাটক, খোল বাদ্য, সত্ৰীয়া নৃত্য, বৰগীত আদিৰে অসমীয়াক বিশ্বত এটা সুসভ্য আৰু সাংস্কৃতিক ভাৱে অতি চহকী জাতি ৰূপে প্ৰতিষ্ঠা কৰি গ’ল৷ তেখেতৰ অৱদানৰ বাবেই সত্ৰীয়া নৃত্যই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱ সংগীত নাটক অকাডেমীৰ অধ্যক্ষ থাকোতে ধ্ৰুপদী নৃত্যৰ স্বীকৃতি লাভ কৰিলে৷ একেদৰে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাতো আন্যান্য সকলৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজীৰো আছে বিশিষ্ট অৱদান৷ বৰনামঘৰৰ সভাপতি দেৱ গগৈৰ সভাপতিত্ব হোৱা এই অনুষ্ঠানৰ পিছতে শিল্পী সকলে নৃত্য-বাদ্য পৰিবেশন কৰে৷












