
অশান্ত মণিপুৰত এইবাৰ চি আৰ পি এফৰ শিবিৰত আক্ৰমণ (Manipur Violence)। সোমবাৰে বিয়লি জিৰিবাম জিলাত সংঘটিত এই ঘটনাত উগ্ৰপন্থীৰ ওপৰত চি আৰ পি এফে গুলীচালনা কৰাত ১১ জন লোক নিহত হয়। নিহত আটাইকেইজন উগ্ৰপন্থী বুলি দাবী কৰিছে কেন্দ্ৰীয় বাহিনীটোৱে। আনহাতে, উগ্ৰপন্থীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় এজন চি আৰ পি এফ জোৱান।

আৰক্ষীৰ তথ্য অনুসৰি, নিহত লোকসকল কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য। সোমবাৰে দিনৰ প্ৰায় ২.৩০ বজাত প্ৰথমে বাৰাবেকৰা মহকুমা সদৰৰ থানাত আক্ৰমণ চলায়।
ইয়াৰ পিছত তেওঁলোকে জাকুৰাডোৰ কাৰাং পথত কিছু ঘৰ-দোকান লুটপাত কৰি চি আৰ পি এফক আক্ৰমণ কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। ঘটনাৰ পিছতে অঞ্চলটোৰ চাৰিওফালে তালাচী অভিযান আৰম্ভ কৰা হৈছে।
উল্লেখযোগ্য যে জিৰিবাম জিলাৰ জাইৰাওন নামৰ এখন গাঁৱত শনিবাৰে নিশা মেইটেই সশস্ত্ৰ সংগঠন আৰম্বাই টেংগল আৰু ইউএনএলএফৰ যৌথ আক্ৰমণত এগৰাকী কুকি মহিলা নিহত হয়। দেওবাৰে কুকি-জো জনজাতিৰ যৌথ মঞ্চ আই টি এল এফৰ সমৰ্থিত উগ্ৰপন্থীয়ে এগৰাকী মহিলাক হত্যা কৰে।
পূব ইম্ফল জিলাৰ থামনাপোকপি, ইয়াংগাংপকপি, ছাবুংখক, চানছাবিকে ধৰি বিভিন্ন অঞ্চলত কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীক মেচিনগান, ৰকেট চালিত গ্ৰেনেডেৰে (আৰ পি জি) আক্ৰমণ কৰা হয়। সোমবাৰেও বিভিন্ন অঞ্চলৰ পৰা সংঘৰ্ষৰ বাতৰি পোৱা যায়।













