বিগত ২৪ ঘণ্টাত মণিপুৰত দুটা নিষিদ্ধ গোট (Two banned groups in Manipur)ৰ মুঠ ৭ জন সদস্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ (7 members arrested) কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ৬ জন দুটা সশস্ত্ৰ নিষিদ্ধ গোটৰ সদস্য। সপ্তমজন মেইটেই সশস্ত্ৰ সংগঠন আৰম্বাই টেংগোলৰ সদস্য।
থৌবাল আৰু বিষ্ণুপুৰ জিলাৰ পৰা দুটা পৃথক অভিযানত গ্ৰেপ্তাৰ কৰে ৭ জন লোকক। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ বিৰুদ্ধে অপহৰণ আৰু ধনদাবীকে ধৰি কেইবাটাও অভিযোগ আছে। ইয়াৰ উপৰি সোমবাৰে মণিপুৰৰ বিভিন্ন জিলাৰ পৰা নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে কেইবাটাও স্নাইপাৰ ৰাইফল, দুটা বল্ট একচন ৰাইফল, এটা ৯ এম এম পিষ্টল, গ্ৰেনেডকে ধৰি কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু গুলী।
ইম্ফল আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, থৌবালৰ চৰাংপট মায়াই লেইকাইৰ পৰা কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ (পিপলছ ৱাৰ গ্ৰুপ) পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আগ্নেয়াস্ত্ৰৰ উপৰি পাঁচটা মোবাইল ফোন, ১৩খন চিমকাৰ্ড আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে।