
মেঘালয়লৈ (Meghalaya Accident) ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত এহাল প্ৰেমিক-প্ৰেমিকা। মেঘালয়ৰ ৰি-ভৈ জাৰ ছাংবাংলাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত নিহত মৰাণৰ প্ৰেমিকদ্বয়।

নিহত যুৱকজন হৈছে মৰাণৰ ২নং সৰুপথাৰ গাঁৱৰ নীলোৎপল দুৱৰী (২৩) আৰু যুৱতীগৰাকী মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ গাৰ্গী চুতীয়া (২১)।
দুয়োগৰাকীয়ে গুৱাহাটীৰ পৰা AS-01-FF-3367 নম্বৰৰ এখন ৰয়েল এনফিল্ড হিমালয়ান ভাড়াত লৈ মেঘালয়লৈ গৈছিল আৰু গৈ থকা অৱস্থাতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।













