
মধ্যপ্ৰদেশ (Madhya Pradesh)ত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণ (Gang rape)ৰ আন এক ঘটনা। এটি মন্দিৰৰ ওচৰত পিকনিক খাবলৈ গৈছিল এহাল দম্পতী। তাতেই স্বামীক গছত বান্ধি পত্নীক দলবদ্ধ ধৰ্ষণ কৰে। আনকি অভিযুক্তই এই ঘটনাৰ ভিডিঅ’ও কৰে। এই বিষয়ে একো নক’বলৈও দম্পতীহালক ভাবুকি দিয়ে। অন্যথা তেওঁলোকে এই ভিডিঅ’টো অনলাইনত মুকলি কৰি দিব। অৱশ্যে এই ভাবুকি সত্ত্বেও দম্পতীহালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। আনহাতে, ইন্দোৰতো এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতনৰ কথা পোহৰলৈ আহিছে।চিচিটিভিৰ ফুটেজত দেখা গৈছে যে মহিলাগৰাকীক অৰ্ধ উলংগ কৰি নিৰ্যাতন কৰা হৈছে। আৰক্ষীয়ে ততাতৈয়াকৈ অভিযুক্তক নিজৰ জিম্মাত লৈ যায়। জেৰাৰ সময়ত তেওঁ নিজৰ দোষ স্বীকাৰ কৰে।










