
মণিপুৰৰ জিৰিবাম জিলা (Jiribam district of Manipur)ত বিয়পি পুনৰ অপ্ৰীতিকৰ ঘটনা। শনিবাৰে পুৱাৰে পৰা বিভিন্ন অঞ্চলত মেইটেই আৰু কুকি সশস্ত্ৰ বাহিনী (Meitei and Kuki Armed Forces)ৰ মাজত বিক্ষিপ্ত সংঘৰ্ষ (Sporadic clashes between) সংঘটিত হৈছে। বড়োবেকেৰা থানাতো আক্ৰমণ (Attack on Borobekera police station) হয়।

আৰক্ষীৰ তথ্য অনুসৰি, জিৰিবামৰ জিলা সদৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত পাহাৰ আৰু বনাঞ্চলেৰে আগুৰি থকা বড়োবেকেৰাত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ চলায়। মেইটেই সশস্ত্ৰ বাহিনীৰ আৰম্বাই টেংগল যোদ্ধাসকলেও প্ৰত্যুত্তৰ দিয়ে। সেই সময়ত কুকিৰ এটা দলে থানাত আক্ৰমণ চলাই বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে ছেপ্টেম্বৰৰ আৰম্ভণিতে জিৰিবাম জিলাত দুটা গোটৰ মাজত হোৱা গুলীয়াগুলীত ৫জন লোক নিহত (Five killed in firing) হৈছিল।
আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সপ্তাহত দিল্লীত শান্তি ঘূৰাই অনাৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ বিধায়কৰ সৈতে এক বৈঠকৰ আয়োজন কৰে। তাৰ মাজতে উত্তৰ-পূবৰ বিজেপিশাসিত ৰাজ্যখনত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।













