
চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা যুৱক এজন ২৪ ঘণ্টা আৰক্ষীৰ জিম্মাত থকাৰ পিছত ঘৰলৈ যোৱাৰ পথত মৃত্যু হয়। দক্ষিণ ত্ৰিপুৰাৰ ছাবৰুমত সংঘটিত হৈছে এই ঘটনা (Tripura police)। এই ঘটনাৰ অভিযুক্ত পাঁচজন আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে

১৩ অক্টোবৰত সংঘটিত হয় এই ঘটনা। গুদামৰ পৰা ৰবৰৰ চিট চুৰি কৰাত আটক কৰে যুৱকজনক। স্থানীয় ৰাইজে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়ে।
অৱশ্যে পিছদিনা তেওঁক মুকলি কৰি দিয়া হয়। কিন্তু ঘৰলৈ উভতি অহাৰ পিছতে তেওঁ অসুস্থ হৈ পৰে আৰু বুধবাৰে তেওঁৰ মৃত্যু হয়। জিম্মাত থকা অৱস্থাত নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপে পৰিয়ালটো। যাৰ বাবে দুজন কনিষ্টবল আৰু তিনিজন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।
বৃহস্পতিবাৰে ছাবৰুমৰ মহকুমা আৰক্ষী বিষয়া নিত্যানন্দ সৰকাৰে জনোৱা মতে, মৃত যুৱকজনৰ পৰিয়ালে অভিযোগ কৰে যে জিম্মাত থকা অৱস্থাত যুৱকজনক শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল।
অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৫ জন আৰক্ষী জোৱানক। বৃহস্পতিবাৰে স্থানীয় ৰাইজে থানা ঘেৰাও কৰি অভিযুক্ত আৰক্ষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। মনুবজাৰৰ সমীপত আগৰতলা-ছাবৰুম ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰা হয়।












