
মণিপুৰত (Manipur) সংঘৰ্ষ সূচনা হোৱাৰ ১৭ মাহ পিছত প্ৰথমবাৰৰ বাবে দিল্লীত মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ সৈতে মুখামুখি আলোচনা হবলৈ আগবাঢ়িছে। মুখ্যমন্ত্রী এন বীৰেণ সিঙে অৱশ্যে কুকি আৰু মেইটেই নেতাৰ মাজত কেইবাবাৰো শান্তি আলোচনা হোৱা বুলি দাবী কৰে৷

কিন্তু কোনো পক্ষই আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই। অৱশ্যে মঙলবাৰৰ প্ৰস্তাৱিত বৈঠক কিমান সফল হ’ব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। কাৰণ সোমবাৰে বিয়লিলৈকে কুকি বিধায়কসকলে বৈঠকত যোগদান কৰাৰ সিদ্ধান্ত ল’ব পৰা নাছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশমৰ্মে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰিছে এই বৈঠক। ৰাজ্য চৰকাৰৰ সূত্ৰৰ মতে, মূলতঃ নগা বিধায়কৰ মধ্যস্থতাত দুয়োপক্ষক আলোচনা কৰিবলৈ সৈমান কৰোৱা হৈছে। অৱশ্যে মেইটেইসকলে এই আলোচনাক আদৰণি জনায়। আনকি মন্ত্ৰী-বিধায়ক টি বিশ্বজিত, টি বসন্তকুমাৰ, কে ইবোমচা, ডি সপম ৰঞ্জন, টি ৰাধেশ্যাম, টি ৰবীন্দ্ৰ, অধ্যক্ষ টি সত্যব্ৰত আদিয়েও এই বৈঠকত উপস্থিত থাকিব বুলি কয়।
আনহাতে, কুকিসকলৰ হৈ লেটপাও হাওকিপ, পাওলিয়েনলাল হাওকিপ, এইচ কিপজেন উপস্থিত থকাৰ সম্ভাৱনা আছে। ইফালে নগাসকলক প্ৰতিনিধিত্ব কৰিব আৱাংবাও নেওমাই, এল দিখো, ৰাম মুইভাই। এতিয়া আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে ।












