
ভাৰতীয় সেনাই অৰুণাচলত নিৰ্মাণ কৰিছে ‘হাই এলটিটুড আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জ’। অৰুণাচল প্ৰদেশত (Arunachal Pradesh) নিয়ন্ত্ৰণৰেখাৰ কাষত চীনৰ সম্ভাৱ্য আক্ৰমণ ৰোধ কৰিবলৈ টাৱাঙত ভাৰতীয় সেনাৰ এইটো হৈছে আৰ্টিলাৰীৰ অনুশীলন এলেকা।

ডকলাম আৰু গালৱান কাণ্ডৰ পিছত পশ্চিম, পূব আৰু উত্তৰ-পূবত চীনৰ ‘বিপদ’ৰ কথা মনত ৰাখি কেইবাবছৰ ধৰি প্ৰত্যুাক্ৰমণৰ কৌশল প্ৰস্তুত কৰাত সেনাই সক্ৰিয় হৈ আছে। ইয়াৰ বাবেই কেইবছৰমান পূৰ্বে পৰ্বত যুদ্ধত পাকৈত পদাতিক বেটেলিয়নেৰে ‘মাউণ্টেইন ষ্ট্ৰাইক ক’ৰ্পছ’ গঠন কৰা হৈছে। এইবাৰ অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চলত আৰ্মী আৰ্টিলাৰী ৰেজিমেণ্টৰ অনুশীলনৰ বাবে ‘হাই এলটিটুড আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জ’ নিৰ্মাণ কৰা হৈছে।
সেনাৰ সূত্ৰ অনুসৰি, দক্ষিণ তিব্বত সীমান্তত চীনৰ সামৰিক প্ৰস্তুতিৰ প্ৰতি সঁহাৰি জনাই অৰুণাচলত নিয়োজিত ‘ব্ৰহ্মস্ত্ৰ ক’ৰ্পছ’ৰ অংশ হিচাপে এইবাৰ আৰ্টিলাৰী বাহিনীক সাজু কৰি ৰখা হ’ব। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ১০৫ মিমি ইণ্ডিয়ান ফিল্ড গানৰ লগতে তেওঁলোকৰ হাতত থাকিব আমেৰিকাৰ পৰা আমদানি কৰা ১৫৫ মিমি এম-৭৭৭ আল্ট্ৰালাইট হাউইটজাৰ। বাহিনীটোৰ লক্ষ্য অনুশীলন হ’ব টাৱাঙৰ আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জত।
সেনা আৰ্টিলাৰী ক’ৰ্পছৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল অধোষ কুমাৰে কয়, “আমি যুদ্ধৰ প্ৰকৃত পৰিৱেশৰ লগত জোৱানসকলক খাপ খুৱাব পৰাকৈ গুলীচালনাৰ ৰেঞ্জ সৃষ্টি কৰিছোঁ। ভৱিষ্যতে উচ্চ হিমালয়ত আৰু দুটা নিৰ্মাণ কৰা হ’ব।”












