মঙলবাৰে নিশা মণিপুৰৰ (Manipur) চুৰাচান্দপুৰ জিলাৰ লেইচাঙৰ ওচৰত অচিনাক্ত আক্ৰমণকাৰীয়ে এটা সশস্ত্ৰ কুকি গোটৰ এজন স্বয়ম্ভূ কমাণ্ডাৰক গুলীয়াই হত্যা কৰে। বুধবাৰে পুৱা তেওঁৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চুৰাচান্দপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে নিশা কমাণ্ডাৰজনক আক্ৰমণ কৰা হৈছিল। তেওঁ কাপ্ৰাং গাঁৱৰ বাসিন্দা আছিল। গাওঁখনত তেওঁ ‘চেখোহাও’ নামে জনাজাত। চেখোহাও ইউনাইটেড কুকি নেচনেল আৰ্মীৰ সদস্য আছিল।
বুধবাৰে পুৱতি নিশা চুৰাচান্দপুৰৰ টৰবুং বাংলোৰ ওচৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখযোগ্য যে সাম্প্ৰতিক হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰত মঙলবাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) আৰু ছয় মাহৰ বাবে সম্প্ৰসাৰিত কৰা হয়।
ইম্ফল, বিষ্ণুপুৰ, জিৰিবাম আৰু লাম্ফেলকে ধৰি ১৯ খন আৰক্ষী থানা অঞ্চলৰ বাহিৰে সমগ্ৰ ৰাজ্যতে এই আইনখনৰ ম্যাদ সম্প্ৰসাৰিত কৰা হৈছে। কিছুমান উত্তেজিত আৰু কট্টৰপন্থী গোটৰ হিংসাত্মক কাৰ্যকলাপৰ মোকাবিলা কৰিবলৈ আৰু আইন-শৃংখলাপৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে এই সিদ্ধান্ত লোৱা হয়।