
ত্ৰিপুৰাত দুই পুত্ৰই মাতৃক গছত বান্ধি জীৱন্তে জ্বলাই হত্যা (Tripura Murder) কৰে। এই অভিযোগ শেহতীয়াকৈ পোহৰলৈ আহিছে। শনিবাৰে নিশা এই ঘটনাত দুয়ো পুত্ৰক আটক কৰিছে আৰক্ষীয়ে। এই নৃশংস হত্যাকাণ্ডৰ কাৰণৰ তদন্ত চলি আছে।

পশ্চিম ত্ৰিপুৰাৰ চম্পকনগৰ থানা এলেকাৰ এখন ফাৰ্মত সংঘটিত হয় এই ঘটনা। মৃতকৰ বয়স ৬২ বছৰ। আৰক্ষীয়ে জনোৱা মতে, ডেৰ বছৰ পূৰ্বে বৃদ্ধাগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই তেওঁ পুত্ৰ দুজনৰ সৈতে চম্পকনগৰত বাস কৰিছিল। তেওঁৰ আৰু এজন ল’ৰা আছে।
আগতে তেওঁ আগৰতলাত আছিল। শনিবাৰে নিশা বৃদ্ধাগৰাকীক জ্বলাই হত্যা কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। প্ৰথম অৱস্থাত তেওঁলোকৰ ধাৰণা, পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবেই হত্যাকাণ্ড সংঘটিত হৈছে। অৱশ্যে সকলো দিশ চোৱাচিতা কৰা হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে নিশা বৃদ্ধাগৰাকীক ঘৰৰ পৰা টানি আনি গছজোপাৰ ওচৰলৈ অনা হয়। ইয়াৰ পিছত তেওঁক গছডালত ৰছীৰে বন্ধা হয়। তাৰ পাছত অভিযুক্তই কেৰাচিন ঢালি জুই লগাই দিয়ে। অভিযোগ অনুসৰি, বৃদ্ধাগৰাকীৰ দুই পুত্ৰই এই জঘন্য কাম কৰিছিল।
এই সন্দৰ্ভত সংবাদ সংস্থা পিটিআইক পশ্চিম ত্ৰিপুৰাৰ মহকুমা আৰক্ষী বিষয়া জিৰনিয়া কমলকৃষ্ণ কালেইয়ে কয়, “শনিবাৰে নিশা আমি এগৰাকী বৃদ্ধাক জ্বলাই হত্যা কৰাৰ তথ্য পাইছিলোঁ। অলপ পিছতে আমি সেই ঠাইত উপস্থিত হওঁ৷ গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বৃদ্ধাগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ। আমি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিলোঁ।”
ইফালে আৰক্ষীয়ে জানিবলৈ পায় যে বৃদ্ধাগৰাকীৰ হত্যাৰ আঁৰত তেওঁৰ দুই পুত্ৰই আছে। তাৰ ভিত্তিত সেই নিশাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে আদালতত অভিযুক্ত দুজনক আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিব বিচাৰিছে।











