
পুনৰ উত্তপ্ত হোৱা মণিপুৰৰ (Manipur) পৰিস্থিতিত নিযুক্তি পৰীক্ষা দিবলৈ যোৱাৰ পথত তিনি যুৱকক অপহৰণৰ অভিযোগ উত্থাপন হৈছে।ইয়াৰে এজনক সেনাই উদ্ধাৰ কৰে যদিও বাকী দুজন এতিয়াও বন্দী। সেয়ে তেওঁলোকক বচাবলৈ মণিপুৰৰ মুখ্যমন্ত্ৰীক আবেদন জনাইছে। তাৰে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ।

দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দাবী কৰে যে দুয়োজনকে ‘কুকি উগ্ৰপন্থীয়ে’ অপহৰণ কৰিছে। পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ তেওঁ বিধায়িনী দলৰ বৈঠকৰো আহ্বান জনায়।
ভিডিঅ’টোত বগা টি-চাৰ্ট পিন্ধা দুজন যুৱকে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি “আমাক বচাওক” বুলি কোৱা দেখা গৈছে। লগতে অপহৰণকাৰীয়ে দিয়া চৰ্তসমূহ মানি ল’বলৈও মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।
সূত্ৰ অনুসৰি, তেওঁলোক মেইটেই সম্প্ৰদায়ৰ। এনে পৰিপ্ৰেক্ষিতত মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, “ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, বিশেষকৈ কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰা দুজন নিৰীহ যুৱকক উদ্ধাৰৰ ক্ষেত্ৰত চোৱাচিতা কৰা হৈছে। এই জঘন্য অপৰাধক গৰিহণা দিছোঁ। অপহৃত দুজনৰ মুক্তিৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।”
প্ৰশাসনৰ সূত্ৰ অনুসৰি, থৌবাল জিলাৰ বাসিন্দা তিনিজন যুৱকে কেইথেলমানবিত কৰ্মচাৰী বাছনি আয়োগৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ আছিল। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকক তাৰ পৰা অপহৰণ কৰা হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শনিবাৰে সেনাই এজন লোকক উদ্ধাৰ কৰে। বাকী দুজনৰ অৱস্থান এতিয়াও পোৱা হোৱা নাই। উদ্ধাৰ কৰা যুৱকজন হৈছে নিংগোবাম জনছন।
সেনাৰ সূত্ৰ অনুসৰি, তেওঁৰ শৰীৰত একাধিক আঘাত আছে। আনহাতে, আন দুজন যুৱক ওইনাম থিইথাই সিং আৰু থাকাচাম থিতিবা সিং বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে যুৱক দুজনক মুকলি কৰি দিয়াৰ বিনিম অপহৰণকাৰীয়ে কি চৰ্ত দিছে সেয়া ক’ব বিচৰা নাই সেনা বা প্ৰশাসনে।
আনহাতে, মেইটেই সম্প্ৰদায়ৰ লোকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দাবী কৰিছে যে এন আই এৰ হাতত ধৰা পৰা ‘কুকি উগ্ৰপন্থী’ মাৰ্ক থাংগামাং হাওকিপক মুকলি কৰি দিবলৈ চৰ্ত দিয়া হৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই। এটা সূত্ৰই দাবী কৰিছে যে যদিহে তেওঁলোকে সঁচাকৈয়ে সেই দাবী কৰিছে, তেন্তে অপহৰণকাৰীসকল নিশ্চয় ‘কুকি উগ্ৰপন্থী’।
উল্লেখযোগ্য যে কুকিৰ গাঁওসমূহ মূলতঃ মণিপুৰৰ পাহাৰীয়া অঞ্চলত আৰু মেইটেইসকলে মূলতঃ উপত্যকাবোৰত বাস কৰে, যিবোৰ কুকিসকলৰ পাহাৰীয়া গাঁওবোৰে আগুৰি আছে। ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত প্ৰায় ২২০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৫০ হাজাৰৰো অধিক লোক গৃহহীন হয়।













